এইবিলাকত কিবা এটা ঘোৰ বিপদ হব।। আমাৰ এইবিলাক কথা জানো জনাই বৰুৱাক সাজু কৰা যুগুত নহয়?”
শান্তিৰাম—“এৰা! বৰুৱাক এইবিলাক কথা জনোৱা উচিত। মই আজি গধূলি তেওঁক এইবিলাক কথা জনাম।”
পমীলা—“হয় আতৈ! এইটো বৰ বিপদ হব। এতিয়া আহক। ডেকা বৰুৱাই কিজানি মোৰ লগত আপোনাকো দেখিলে মন ভাঙি কথা নকয় সেই দেখি মই অকলৈ সেই কদম গছ জোপাৰ তলত থিয় দি থাকিম। আপুনি অলপ আঁতৰত থাকিব।”
শান্তিৰাম—“ভাল বাৰু।”
এই কথাবতৰাৰ মূৰতে দুইও কদম গছৰ তল পালেগৈ। তাতে পমীলা বহি ৰ’ল। শান্তিৰাম ভকতে মানাহৰ পাৰলৈ গৈ গড়াৰ আৰ হৈ বহি থাকিল।
ইফালে লক্ষ্মীকান্ত ডেকা বৰুৱাই সেই দিনাখন ভাটিবেলীয়া মাক আৰু ভনীয়েকক “মই গাৱঁৰ পৰা ঘূৰি আহোঁ আৰু সৈন্য সামন্ত ঠিক কৰি থৈ আহোঁ” বুলি কৈ আৰু লগত এটা তেওঁৰ বিশ্বাসী মানুহ লৈ আহিল। তেওঁ যেতিয়া ঘৰৰ পৰা ওলাই আহে তেতিয়া তেওঁৰ বাপেকে চেঙ্গাৰ পৰা পঠোৱা সেই মানুহ যোৰা আহি পোৱা নাছিল। সেই কালত আজিকালিৰ দৰে আলি পদুলি নাছিল। ই গাৱঁৰ পৰা সি গাৱঁলৈ যাবলৈ হাবিৰ মাজেদি একোটা সৰু সুৰ-সুৰীয়া বাট মাথোন আছিল। আৰু এনেবিলাক বাটেৰে আহিবলগীয়া হোৱাত হলকান্ত বৰুৱাৰ মানুহ