পমীলা—কিয়! কালি আপুনি কোৱা নাইনে মই ডেকা বৰুৱাক লগ ধৰিব লাগে?”
শান্তিৰাম—“তুমিয়েই যোৱাঁ। মোকনো কেলেই লাগিছে?”
পমীলা—“আতৈ! মই তিৰীমতি। মইনো অকলৈ কেনেকৈ যাওঁ? মই আপোনাক মোৰ আশ্ৰয় কৰি লৈ যাব খোজোঁ।”
শান্তিৰাম—“বাৰু! তেন্তে মই ওলাওঁ ”
এই বুলি কৈ শান্তিৰাম ভকত কানি-কাপোৰ পিন্ধি পমীলাৰ লগত ওলাল আৰু দুইও যাবলৈ ধৰিলে। কিছুমান বাট গৈ পমীলাই শান্তিৰামক সুধিলে—"আতৈ! ডেকা বৰুৱাৰ মনটো সমুলি আমাৰ সখীত মজিছেনে?”
শান্তিৰাম—“এৰা। মই তেনেকুৱা যেন পাই আহিছোঁ। এতিয়া তুমি বা কেনে পোৱা কব নোৱাৰোঁ।”
পমীলা—“মই দেখিলেহে লেখিম।”
শন্তিৰাম—“এৰা। তোমাৰ নামেই হৈছে চিত্ৰলেখী।”
পমীলা—“আপুনি এতিয়া সেইবিলাক কথা এৰক। কওকচোন যুগীৰ পামত অৰু আন কিবা কথা বতৰা শুনি আহিলনে?”
শান্তিৰাম—“মই শুনি আহিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে আৰু হলকান্ত বৰুৱাই হেনো মানক ৰণ দিবলৈ গৈছে।”
পমীলা—“আতৈ। আমাৰ বৰুৱাৰ দেখোন একো উমঘামেই নাই। মোৰ মনত এনেহে লাগিছে যে অলপতে আমাৰ