এই নাওখন বাই লৈ আহিছিল। নাওঁখনৰ ভিতৰত সোঁ মাজতে এখন ঢাৰিপাটি পৰা আছিল। সেই শয্যাখনতে মিঙ্গিমাহা সেনাপতি এটা বৰ ওখ গাৰুত আউজি বহি গৈছিল। তেওঁৰ মূৰশিতানত এজনী প্ৰায় একুৰি-দুবছৰীয়া গাভৰু বহি আছিল। সেই গাভৰুজনীৰ মূৰে গায়ে এখন খনীয়া কাপোৰ।
মানৰ এই মিঙ্গিমাহা ক্যাডেউঙ সেনাপতিৰ বয়স দুকুৰি বছৰ হৈছিল। তেওঁৰ মূৰটো ডাঙৰ; সেই মূৰত চুলিটাৰৰে এটা ঠিয় খোপা। সেই খোপা আৰু চুলি ঢাকি মূৰত এখন হালধীয়া কাপোৰ মেৰোৱা। সেই কাপোৰৰ চাৰি আঙুলিমান এটা লোচ বাওঁ কাণৰ ওপৰত পৰি থকা। তেওঁৰ মুখখন বহল আৰু থোপোকা। নাকটো চেপেটা। নাকৰ দিলাৰ তলত এডালো গোফ নাই। কিন্তু নাকৰ ফুটা দুটাৰ দুইও কাষৰে পৰা দুফালে সৰু তিৰ্তিৰীয়া কেইডালমান ৰঙা গোফ। তেওঁৰ গাল দুখন বহল। গালৰে আৰু কুমৰে যোৰাৰ হাড় দুডাল উঠা আৰু শকত। চকু দুটা সৰু আৰু ৰঙা। চেলাউৰিযোৰ বহল কিন্তু প্ৰায় লোম নথকাৰ দৰে ওঠ দুটা পাতল। থুতৰিটো ঘূৰণীয়া, গলটো চুটি, হাতভৰিবিলাক মোকোহা। তেওঁ বৰ ওখও নাছিল, বৰ চাপৰো নাছিল। তেওঁৰ বৰণ তেজ গোৰা। গাত এটা কঁকাললৈকে পৰা বুকুফলা হাত দীঘল ক’লা কোট। সেই কোটৰ বুকুত দুইওফালে জৰী। কঁকালত ৰঙা আৰু ক’লাৰে পটিয়াপটি এখন কাপোৰ পোন্ধ নমৰাকৈ মুচলমানৰ মৌলবি সকলৰ দৰে মেৰাই থোৱা। তেওঁৰ কঁকালত তৰোৱাল লোৱা এটা পটি।