কামৰূপীয়া মানুহেও মানৰ হাতত থেকেচা খাইছিল। সকলো বিলাক বিষয়ায়ে লগ লাগি মানক ভালকৈ এপালি দিয়ক চাৰি, অনেকেই মান অহাত সেই মানৰ লগ লাগি নিজৰ নিজৰ অসদ্ অভিপ্ৰায় পূৰাবলৈ চেষ্টা কৰিছিল। হলকান্ত বৰুৱা আৰু চণ্ডীবৰুৱাই লগ লাগি বৰপেটাতে মানৰ গেলা গপ অলপ ভাঙ্গি দিব পৰা হলে আমি কিজানি আজি এই উপন্যাসৰ শেষত মইনবৰি আৰু হাদিৰাচকিৰ শোকলগা কাহিনী গাবলৈ নেপালোঁহেতেন। কিন্তু কলে কি হব, নাশন কালত মানুহৰ বুধি হত হয়। অকল বৰনগৰীয়া বৰুৱাৰ ওপৰত পুৰণিকলীয়া শত্ৰু-পৰাৰ ভাবেই হলকান্ত বৰুৱাক তেওঁৰ কৰ্ত্তব্য কাম পাহৰালে। বৰনগৰীয়া বৰুৱাৰ ওপৰত খিয়ালশলাৰ ভাবেই এই প্ৰকৃত তেজী বৰুৱাজনক বীৰৰ সাজ এৰি মানৰ দোৱনীয়া হবলৈ বুধি দিলে। নিজৰ যে কি হব, ৰাইজৰ যে কি হব এইবিলাক কথা হলকান্ত বৰুৱাই নাভাবিলে। আত্মকলহেই ভাৰতবৰ্ষৰ সকলো ঠাইতে ভাৰতবাসীক পৰপদসেৱী কৰিলে। আমাৰ এই অসমতো ৰজাঘৰীয়া বিষয়াসকলৰ আত্মকলহেই অসমৰ সাধাৰণ প্ৰজাবৰ্গকো মান-মৰাণৰ হাতত থেকেচা খুৱাই জুৰুলা কৰালে।
মানহঁতৰ নাওবিলাকৰ ভিতৰত এখন নাও বৰ সুন্দৰকৈ সজোৱা আছিল। এইখন নাৱৰ আগত এডাল ফিৰ্ ফিৰি। এই নাওখনতে মানৰ সেনাপতি মিঙ্গিমাহা ক্যাডেউঙ আছিল। নাওখনৰ আগে গুৰিয়ে দহজন ৰণুৱা। ছয়জন অসমীয়া বন্দীয়ে