তেওঁৰ ওচৰতে কাঠৰ ফাক এটাৰ ভিতৰত এখন দীখল দা। সেই দা খাম্তিহঁতৰ দাৰ নিচিনা। মুখত এটা এবেগেতমান দীঘল ধপাতৰ চেলুৱই।
এই সেনাপতিৰ মূৰশিতানত যি গাভৰুজনী বহি গৈছিল। সেই গাভৰুজনীৰ মুখত হাঁহি বা প্ৰফুল্লতাৰ ভাব নাছিল। নাৱৰ ভিতৰত তেওঁ থমথম কৰি বহি গৈছিল। সেনাপতিয়ে চেলুৱইটো খাই একো একোবাৰ সেই চেলুৱইটো গাভৰুজনীৰ মুখত গুজি গুজি দিছিল। তাই এহোপা দুহোপা মাৰি চেলুৱইটে ওলটাই ওলটাই দিছিল আৰু মাজে মাজে সেনাপতিৰ আদেশমতে তাৰ মূৰটোত হাত ফুৰাই দিছিল।
মান ৰণুৱাহঁতৰ ভিতৰত এটা ৰণুৱাই এখন বাঁহৰ বীণত টুং টুং টাং টাং কৰি কেতখিনি আমি বুজিব নোৱৰা গীত গাই আছিল। মিঙ্গিমাহা তিলোৱাই সেই গীত কাণ পাতি পাতি শুনিছিল, আৰু মাজে মাজে হোঁ হোঁ কৰি হাঁহি দোৱানতে কিবাকিবিবিলাক কৈছিল। নাওখন এইদৰে ভটীয়াই থাকোঁতেই হলকান্ত বৰুৱাই মানুহে দুনুহে সৈতে নাৱৰ ওচৰ পালেগৈ আৰু নৈৰ পাৰত ঠিয় দি আগুৱাল আৰু গুৰিয়াল বাইছা কেইটাক নাও ৰাখিবলৈ কলে। সিহঁতেও পাৰত এজন ভাল মানুহ দেখি নাওখন অলপ বাবলৈ এৰিলে; এনেতে আগৰ দুটা ৰণুৱাই দুডাল দীঘল সৌকা লৈ আগুৱাল কেইটাক গৰু পিটা দি পিটিবলৈ ধৰিলে। গুৰিৰ ৰণুৱা এটাই গৈ গুৰিয়াল দুটাক সাৰৌপ সাৰৌপ কৰি মৰিয়ালে। আন দুটা ৰণুৱাই কোনে নাও ৰাখিবলৈ কৈছে ইয়াকে ভুমুকি