শান্তিৰাম—“নাই হোৱা।”
লক্ষ্মীকান্ত—“তেওঁৰ লগত কীৰ্তনঘৰত সেই দিনা আাৰু এজনী মানুহ দেখিছিলোঁ তেওঁ কোন?”
শান্তিৰাম—“তেওঁ বৰুৱাৰ জীয়েকৰ সখীয়েক নাম পমীলা। তেওঁ সদায় খাওঁতে-বওঁতে উঠোঁতে-বহোঁতে সখীয়েকৰ লগ নেৰে।”
লক্ষ্মীকান্ত—“আতৈ! মই কাইলৈ এবাৰ বৰুৱাৰ জীয়েকৰ সখীয়েকক লগ পাম নে?”
শান্তিৰাম—“ক’তবা লগ পাব লাগে?”
লক্ষ্মীকান্ত—‘আতৈ! মই কাইলৈ ভাটী বেলীয়া খাই-বই উঠি এবাৰ বৰুৱাৰ নগৰৰ ফালে যাম। তাতে তেওঁ মোক বাটত সেই কদমগছ জোপাৰ তলত লগ ধৰিলেই হব।”
শান্তিৰাম—“বাপ! সকাম বা কি?”
লক্ষ্মীকান্ত—“আতৈ! বাৰু মই আপোনাক মোৰ বন্ধু বুলি বিবেচনা কৰিলোঁ। মোৰ পেটৰ কথা কওঁ শুনক। এইবাৰ কীৰ্তনঘৰলৈ মই দৌল চাবলৈ গৈছিলোঁ। তাতে মই বৰনগৰীয়া বৰুৱাৰ সেই ধৰ্ম্মীয় জীয়েকজনীক দেখিলোঁ। তেওঁক দেখিবৰে পৰা মোৰ মনত কিবা এটা হৈছে। এনেহে ইচ্ছা হৈছে মই যেন সেইটী ৰত্নৰ অধিকাৰী হম। কিন্তু মোৰ পক্ষে দেখোন তেনে কুৱা আশা কৰাও অন্যায়, কিয়নো মই জানো তেওঁৰে মোৰে বিবাহ হবৰ আশা নাই। তেওঁ দেখোন মোৰ মনে বুজনি নলয়— তেওঁক দেখোন ভাল পাবলৈ ইচ্ছা যায়। দেউতাৰ আদেশ