কলে—“আতৈ! এই ফেৰিকে গ্ৰহণ কৰক।” শান্তিৰাম ভকতে টকাটো হাতত লৈ কলে—“বাপ! মোৰ জনমতো মই ইমান ধন পোৱা নাই। আমাক কোনেও বৰ বেছি হলেও চৰতীয়া এটাতকৈ সৰহ ধন নিদিয়ে। আপুনি আজি মোক আশাৰ অতীত ধন দিলে। মোৰ গুৰুক মই খাটিলোঁ আপোনাক ঈশ্বৰে সুখী কৰক। সুন্দৰী লক্ষ্মীযুক্ত ভাৰ্য্যা এজনী দি গিৰস্থালী বঢ়াওক। বাপ! এতিয়া যাওঁ।”
লক্ষ্মীকান্তই কলে—“ভাল আতৈ! আপুনি খোজ লওক, মইও আপোনাক অলপ আগবঢ়াই থওঁ। মোৰ অলপ বিশ্বাসী কথা আছে।”
শান্তিৰামে কলে—-“ভাল বাৰু!” এই কথাবতৰাৰ পাছত লক্ষ্মীকান্ত বৰুৱা শান্তিৰাম ভকতৰ লগে লগে ওলাল। কিছুমান দূৰ গৈ ডেকা বৰুৱাই ভকতক সুধিলে—“আতৈ! বৰ নগৰীয়া বৰুৱাৰ ধৰ্ম্মীয়া জীয়েক এজনী আছে বুলি কৈছে নহয়।”
শান্তিৰাম—“এৰা আছে।”
লক্ষ্মীকান্ত—“তেওঁ জাতত কলিতা নহয় নে?”
শান্তিৰাম—“হয় কলিতা। তেওঁ ধৰ্ম্মেশ্বৰ চৌধাৰীৰ জীয়েক।”
লক্ষ্মীকান্ত—“তেওঁ এইবাৰ দৌল চাবলৈ গৈছিল নহয় নে?”
শান্তিৰাম—“গৈছিল।”
লক্ষ্মীকান্ত—বৰনগৰীয়া বৰুৱাৰ সেই ধৰ্ম্মীয়া জীয়েকৰ কৰবাত সম্বন্ধ স্থিৰ হৈছে নে?”