অনুসাৰে মই পৰহিমানলৈ পোন্ধৰশ সৈন্য লৈ মানৰ যুঁজলৈ যাম। সেই যুঁজত মৰোৱেই নে বাচোঁৱেই ঠিকনা নাই। কিন্তু মই যুঁজলৈ যোৱাৰ আগেয়ে বৰুৱাৰ সেই ধৰ্ম্মীয়া জীয়েকৰনো মোলৈ কি মনৰ ভাব জানিব পৰা হলে সুখী হলোঁহেতেন।
শান্তিৰাম—“আপুনি দেখোন চৌধাৰীৰ জীয়েকক দেখিয়েই মোহিত হ’ল। কিন্তু আপোনাক জানো তেওঁ ভাল পায়? আপুনিনো কেনেকৈ জানিলে যে তেওঁ আপোনাক ভাল। পায়?”
লক্ষ্মীকান্ত—“তেওঁ মোক ভাল পায়নে নেপায় সেইটো সঠিককৈ কব নোৱাৰোঁ। কিন্তু কীৰ্ত্তনঘৰত মই যেনেকৈ তেওঁলৈ ৰ লাগি চাই আছিলোঁ, তেৱোঁ দেখোন মোলৈ তেনেকৈ ৰ লাগি চাই আছিল। মোৰ মনে ধৰিছে যে তেওঁ মোক ঘিণ কৰিব নেপায়। যি কি নহওক,—তেওঁ মোক ভাল পাওকে বা নেপাওকে মই কিন্তু তেওঁব মুখখনি পাহৰিব নোৱাৰোঁ। তেওঁক মই ভাল পাওঁ। আপুনিয়েই কইছে তেওঁ জাতত কলিতা আমিও কলিতা, তেৱোঁ ভাল মানুহৰ ঘৰৰ জীয়াৰী আৰু আমিও হীন বংশৰ নহওঁ। এনেবিলাক স্থলত ঈশ্বৰে কৰিলে তেওঁক পালেও পাব পাৰোঁ। মই জানো আমাৰ দেউতাৰে আৰু আপোনা লোকৰ বৰুৱাৰে আখেজ-আখেজি ভাব আছে। আপোনালোকৰ বৰুৱাৰ নহলেও আমাৰ দেউতাৰ আছে। কিন্তু মই সেইটি বিঘিনি আঁতৰাবলৈকো অহোপুৰুষাৰ্থ কৰিম। দেউতাক বাৰু নগৰীয়া বৰুৱালৈ শত্ৰুভাব পৰিত্যাগ কৰিবলৈ চৰণত ধৰি খাটিম।