পৃষ্ঠা:Manomati.pdf/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৩
টেঙৰে টেঙৰে

লক্ষ্মীকান্ত—“কিয় আতৈ! আপুনি নেজানেনে আপোনা লোকৰ বৰুৱাৰে আৰু আমাৰ দেউতাৰে বিৰোধ ভাব আছে। আপোনালোকৰ বৰুৱাইনো আমাক নিঘিণাবনে?”

 শান্তিৰাম—“বাপ! এই বিষয়ে আপুনি আমাৰ বৰুৱাৰ ওপৰত মিছা সন্দেহ কৰিছে।। আপোনালোকৰ দেউতাই আমাৰ বৰুৱাক ঘিণায় যদিও আমি কব নোৱাৰোঁ, কিন্তু বৰ নগৰীয়া বৰুৱাৰ বিষয়ে হলে মই ডাঠকৈ কব পাৰোঁ তেওঁৰ মনত আপোনালোকলৈ বেয়া ভাব নাই। তেওঁৰ পূৰ্ব্ব পুৰুষে আৰু আপোনাৰ পূৰ্ব্ব পুৰুষে বিৰোধ ভাব যদিও আছিল, বৰনগৰীয়া বৰুৱাই কিন্তু আজিকালি সেই ভাব ৰখা নাই।”

 লক্ষ্মীকান্ত—“আপুনি বৰনগৰীয়া বৰুৱাৰ যথাৰ্থতে এনে ভাব নাই বুলি কৈছেনে? আপুনিনো কেনেকৈ জানিলে তেওঁৰ মনত কি ভাব আছে কি ভাব নাই।”

 শান্তিৰাম—“মই বৰনগৰীয়া বৰুৱাৰ লগত থাকোঁ। মই তেওঁৰ ঘৰৰ এজন মানুহ বুলিলেও হানি নাই। তেওঁৰ লগত থাকি তেওঁৰ মনৰ ভাব নেজানো নে?”

 শান্তিৰাম ভকতৰ মুখে এই কথা শুনি লক্ষ্মীকান্ত ডেকা বৰুৱাৰ মনত এটা প্ৰফুল্লতাৰ ভাবে দেখা দিলে। তেওঁ শান্তিৰাম ভকতক—‘আতৈ অলপ বহক” বুলি কৈ ভিতৰলৈ গ’ল। শান্তিবাম ভকতে পেটে পেটে ভাবিলে “কথাই খেও খাইছে।” অলপ পৰৰ মূৰতেই লক্ষ্মীকান্ত ডেকা বৰুৱাই ভিতৰৰ পৰা ৰূপ এটকা লৈ ওলাই আহিল আৰু সেই ৰূপটকা ভকতৰ হাতত দি