লক্ষ্মীকান্ত—"আতৈ! বৰনগৰীয়া বৰুৱা ৰণবিগ্ৰহ কৰাত নো কিমান নিজে নিপুণ?”
শান্তিৰাম—“বাপ! বৰনগৰীয়া বৰুৱা৷ নিজে তিমান ভাল যুঁজাৰু নহয়। তেওঁৰ সেই ধৰ্ম্মেশ্বৰ চৌধাৰীয়েই বৰ বীৰ আছিল; কিন্তু তেওঁ ঢুকাবৰে পৰা বৰনগৰীয়া বৰুৱা দুৰ্ব্বল হৈ পৰিছে। সেই কাৰণেহে (১) আজি বাৰ তেৰ বছৰে বিজনীৰ জমিদাৰৰ ঘৰে তেওঁৰ প্ৰজা সকলক ইমান দৌৰাত্ম্য কৰিবলৈ ধৰিছে।”
লক্ষ্মীকান্ত—"তেনে হলেতো এইবাৰ মান আহিলে তেওঁৰ অত্মৰক্ষা কৰাই টান হব। বৰফুকনে সৈন্য সামন্ত খুজি পঠালে তেওঁ ভাল সেনাপতি দিব নোৱাৰিব।”
শান্তিৰাম—“এৰা! তেওঁৰ এইবাৰ তেনেবিলাক লেঠা হব।”
ভকতৰ মুখে এইবিলাক কথা শুনি লক্ষ্মীকান্ত ডেকা বৰুৱাই দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি মনে মনে ৰ’ল! তেওঁক তেনেকুৱা কৰা দেখি এইবাৰ টেঙৰ শান্তিৰামে সুধিলে—“বাপ! দীঘলকৈ হুমুনিয়াহ কাঢ়ি দেখোন মনটো মাৰি পেলালে?”
লক্ষ্মীকান্ত—"আতৈ! মন মাৰিবৰ কাৰণ আছে। মোৰ মনত এনে ভাব আছিল যে এই বিপদৰ সময়ত আমি দুইও ঘৰ বৰুৱা লগ লাগিম আৰু আমাৰ দুইওজাক সৈন্য লগ কৰি লৈ মানৰ লগত যুঁজি আমাৰ দেশ, আমাৰ ল’ৰা-তিৰুতা, আমাৰ ভেটি মাটি ৰক্ষা কৰিম। কিন্তু দুখৰ বিষয় ঈশ্বৰে সেইটো হব নিদিয়ে।”
শান্তিৰাম—ঈশ্বৰেনো কিয় হব নিদিয়ে? আপোনাৰে আৰু আমাৰ বৰুৱাৰে লগ লগাতনো কি বাধা আছে?”