“আতৈ! বৰনগৰীয়া বৰুৱাইনো সদ্যহতে কি কৰিছে?” শান্তিৰাম—“বাপ! বৰ-নগৰীয়া বৰুৱা ঘৰতে আছে।”
লক্ষ্মীকান্ত—“তেওঁ আমাৰ এই দেশ-কালৰ কথাবতৰা বিলাকৰ ভূ পায়নে?
শান্তিৰাম—“বাপ! কি বা দেশ-কালৰ কথা?”
লক্ষ্মীকান্ত—“কিয়? মান যে ভটীয়াই আহিব লাগিছে তেওঁ এই বিষয়ে নেজানে নে?
শান্তিৰাম—“ক’তা? তেওঁ কি আমি কোনো মানুহেই এই কথাৰ গম নাপাওঁ। বাপ। আপুনিনো ক’ৰ পৰা কি শুনিলে কওকচোন শুনো।”
লক্ষ্মীকান্ত—“আতৈ! মই এই কথা এইবাৰ কীৰ্ত্তন ঘৰলৈ দৌল চাবলৈ যাওঁতে কেইযোৰামান সোৱাঁলকুচীয়া মানুহৰ মুখে শুনিলোঁ। শুনিলোঁ মান হেনো ভটীয়াই আহিব লাগিছে। আমাৰ ৰজাই হেনো ৰংপুৰতে মানে সৈতে এটা ৰণ দিছিল; সেই ৰণত হেনো তেওঁ সম্পূৰ্ণৰূপে হাৰি পলাই গুৱাহাটীলৈ আহি বৰফুকনৰ লগ লাগিছে। বৰফুকনে হেনো মানৰ লগত ৰণ দিবলৈ কাৰবাৰ কৰি চাৰিউফালে কটকী পঠাইছে। আমাৰ দেউতা আজি ৰাতিপুৱা দুহেজাৰ ৰণুৱা লৈ বৰফুকনক সহায় কৰিবলৈ গৈছে। আপোনালোকৰ বৰুৱাইনো এইবিলাক কথাৰ একো গমকে নেপায় নে?”
শান্তিৰাম—“তেওঁ একো গম পোৱা নাই।”
লক্ষ্মীকান্ত—“বৰ আচৰিত কথা! বৰনগৰীয়া বৰুৱাৰনো