এনে চেনেহৰ পুত্ৰ পৰিয়াল নাইনে যে সেই পুত্ৰ পৰিয়ালৰ অৰ্থে তেওঁ মানৰ লগত যুঁজি সেই পুত্ৰ পৰিয়ালসকলক মানৰ হাতৰ পৰা ৰক্ষা কৰে। তেওঁনো এনে বুদ্ধিমান ল’ৰা বা সুদক্ষ মানুহ নাইনে যে তেওঁক দেশ-কালৰ কথা-বতৰাবিলাক জনায়? এইবাৰ কীৰ্ত্তন ঘৰলৈনো দৌল চাবলৈ তেওঁৰ কোনো মানুহ যোৱা নাছিল নে?”
শান্তিৰাম—“বাপ! আমাৰ বৰনগৰীয়া বৰুৱাৰ তেনে সুদক্ষ মানুহ আজি কালি নাই। এইবাৰ দৌল চাবলৈ তেওঁৰ ধৰ্ম্মীয়া জীয়েকজনীহে গৈছিল। তেনেকুৱা সুদক্ষ কোনো মানুহ যোৱা নাই।”
লক্ষ্মীকান্ত-“কীৰ্ত্তনঘৰলৈ যে সেই গাভৰুজনী গৈছিল।। সেইজনী তেওঁৰ ধৰ্ম্মীয়া জীয়েকনে?”
শান্তিৰাম—“এৰা।”
লক্ষ্মীকান্ত--“তেওঁনো কেনে ধৰ্ম্মীয়া জীয়েক? তেওঁৰনো পৰিয়ালৰ ভিতৰত কোন কোন আছে?
শান্তিৰাম—“বাপ! আজি বাৰ বছৰমান হ’ল—আমাৰ বৰনগৰীয়া বৰুৱাৰ কলিতাজাতৰ ধৰ্ম্মেশ্বৰ নামেৰে এজন চৌধাৰী আছিল। সেই চৌধাৰীজন বৰ বীৰ আৰু প্ৰায় সৰ্বগুণী আছিল। তেওঁৰ বাহুবলতে—বৰুৱাই অকণ্টকা ৰাজ্য ভোগ কৰিছিল। তেওঁৰ মন্ত্ৰণা মতেই সকলো কামতে চলিছিল। তাৰ পিছত আজি বাৰ বছৰমান হ’ল সেই চৌধাৰীজন তেওঁৰ পৰিবাৰে সৈতে সংসাৰত মুঠেই এজনী মাউৰী ছোৱালী এৰি