স্বৰূপ কহিলোঁ জগৎস্বামি
নাৰীবধি হৈবা প্ৰভু তুমি
কৰিয়ো বিহিত তযু মনে যেবা লয়
কহয় মূৰুখ ৰামদাসে
বাধাৰ বিৰহ অনুপম
শুনি সাধুলোক হোৱা ভৱনদী পাৰ॥
শান্তিৰাম ভকতে এই নাম তিনিটা এনে মিঠা মাতেৰে সুৰলা সুৰেৰে গালে যে লক্ষ্মীকান্তৰ মন মোহিত হ’ল। নাম কেইটাৰ ভাবে তেওঁক ইমান মুগ্ধ কৰিলে যে তেওঁৰ শান্তিৰাম ভকতলৈ এটা আন্তৰিক শ্ৰদ্ধা আৰু অগ্ৰহ হ’ল। সেই ভকতৰ নাম কি, ধাম ক’ত ইত্যাদি কথা জানিবলৈ ডেকা বৰুৱাৰ ইচ্ছা হ’ল। তেওঁ ভকতক সুধিলে—“আতৈ! আপোনাৰ নাম কি?” ভকতে উত্তৰ কৰিলে—“বাপ! মোৰ নাম শান্তিৰাম।
লক্ষ্মীকান্ত—“আপুনি থাকে ক’ত?”
শান্তিৰাম—“মই বৰনগৰীয়া বৰুৱাৰ হাউলিত থাকোঁ।”
লক্ষ্মীকান্ত ডেকা বৰুৱাই এইদৰে শান্তিৰাম ভকতৰ মুখে তেওঁ যে বৰনগৰীয়া বৰুৱাৰ হাউলিত থাকে এই কথা শুনি ভকতৰ পৰা আৰু কেতখিনি কথা জানিবলৈ মন কৰিলে। তেওঁ ভকতৰ পৰা বৰনগৰীয়া বৰুৱাৰ বিষয়ে, আৰু পাৰিলে কীৰ্ত্তনঘৰত দেখা সেই ৰূপহী গাভৰুজনীৰ বিষয়েও অলপ কথা বতৰা জানিব পাৰিব বুলি ভাবি তেওঁ ভকতক আকৌ সুধিলে—