পৃষ্ঠা:Manomati.pdf/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫০
মনোমতী

তোমাৰ মহিমাই বুজা টান।” পমীলা—“বাৰু তেন্তে মই কওঁ শুনা।” এই কথাকৈ পমীলাই ফুচ্ ফুচ্ কৰি মনোমতীৰ কাণৰ কাষত কিবাকিবি কেতখিনি কবলৈ ধৰিলে। মনোমতীয়ে পমীলাৰ কথাত এবাৰ মিচিককৈ হাঁহি এটা মাৰিলে; তাৰ পাছত ফুটাই বেজাৰ মনেৰে কলে—“যোৱাঁ। সখি! ” পমীলাই ইয়াৰ পাছতে মনোমতীৰ পৰা বিদায় ললে। এনেতে কিবা এটা কথা মনত পৰি পমীলাই মনোমতীক কলে—”সখি! মই আজি ৰাতিপুৱা বেলি চাই দাঁড়ৰ ভিতৰতে শুনিলে মান হেনো ভটিয়াই আহিব লাগিছে। আৰু হলকান্ত বৰুৱাৰ হেনো আমাৰ দেউতালৈ শক্ৰভাৱ যোৱা নাই। আমাৰ দেউতাৰ নাম শুনিলে হেনো “ঢেকেৰি” বুলি মাটিতে তিনি কিল মাৰে। এনেস্থলত তেওঁৰ পুতেক ডেকা বৰুৰাইও যে আমাৰ পৰিয়ালক বেয়া নাপাব ইয়াৰ একো কাৰণ নাই।” মনোমতীয়ে পমীলাৰ এই কথাত তললৈ মূৰ কৰিলে। এনেতে পমীলাই আকৌ হাঁহি হাঁহি কবলৈ ধৰিলে—“বাৰু সখি! তুমি চিন্তা নকৰিবা। ডেকা বৰুৱাৰ বাপেকে সৈতে আমাৰ দেউতাৰ বেয়া ভাব থাকিলেই যে ডেকা বৰুৱাৰো ভাব আমালৈ বেয়া হব সেইটো হব নেপায়। বাৰু কুমাৰৰনো আমাৰ উষা সখীলৈ কি ভাব এইটোকে বুজিব লগে। আৰু আমাৰ তাত শান্তিৰাম আতৈনো কিমান পানীৰ মাছ তাকো চাব লাগে। তেওঁনো লৰা ফুচুলিওৱাত কিমান পকা সিউটো বুজি লব লাগে। চাওঁচোন কুমাৰনো উষা সধীৰ ৰূপ-গুণ শুনি ভোল যায়নে নেযায়।”