পমীলা
সেই নিশা সখীয়েকে সৈতে কথা বতৰা পাতি তাৰ পাছদিনা দুপৰীয়া পমীলাই ভাত-পানী খাই বই উঠি মনোমতীৰ মূৰ শিতানত থকা চালপিৰাখনৰ জপা এটা মেলিলে আৰু এযোৰ ভাল নিকা মুগাৰ ৰিহামেখেলা উলিয়ালে। এখন ফুলাম কাপোৰ উলিয়ালে আৰু সেইবিলাক উলিয়াই থৈ মনোমতীক কলে—”সখি! চাওঁ তোমাৰ দাপণখন আৰু সেন্দুৰৰ টেমাটো দিয়াচোন।”
মনোমতী—“সখি! আজিনো তোমাৰ ইমান সাজ পাৰ কেলেই?”
পমীলা—“মোৰ দেখোন আজি ভালকৈ কানি কাপোৰ পিন্ধিবলৈ মন গৈছে।” আজলী মনোমতীয়ে পমীলাৰ কথাৰ অৰ্থ ধৰিব নোৱাৰি তেওঁৰ কাকৈ, ফণি, দাপণ এই এটাইবিলাককে দিলে। পমীলাই তেতিয়া দাপণত চাই চাই ভালকৈ মূৰটো মেলালে। তাৰ পাছত কাপোৰ যোৰ পিন্ধিলে; তাৰ পাছত ভালকৈ চূণ দি তামোল এখন খাই ওঠ দুটা ৰঙা কৰিলে। কপালত এটা সেন্দুৰৰ ফোট ললে। এই দৰে সাজি কাচি উঠি পমীলা মনোমতীৰ কাষত বহিলগৈ আৰু তেওঁক কবলৈ ধৰিলে—“সখি! মই আজি কেলেই এনেকৈ সাজি কাচি ওলাইছোঁ কব পাৰা?” মনোমতী—“জানো, কব নোৱাৰোঁ।
৪