সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
পমীলা

 মনোমতী—”সখি! কাবৌটি কৰিছোঁ তুমি মোৰ কথা কাৰো আগত নুলিয়াবা।”

 পমীলা—“ভাল! তোমাৰ কথা নকওঁ। কেৱল মোৰ উষা সখীৰহে বতৰা দি পঠাম। সখি! তেন্তে মই আহিলোঁ তুমি চিন্তা নকৰিব। মই এটা নাম গাওঁ শুনা—

 “পাটিতে বহিয়ে উষা মূৰ্চ্ছা গলে সখীতে শোধে যুগুতি নাকান্দা সখিহে! চিত্ৰলেখী বোলে আনি দিম গোবিন্দৰ নাতি।”

 পমীলাই এই নাম গাই উঠি ঘৰৰ ভিতৰৰ পৰা ওলাল; আৰু এখোজ দুখোজ কৰি বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ভিতৰত থকা শান্তিৰাম নামেৰে এজন কেৱলীয়া ভকতৰ ঘৰলৈ বাট ললে।