জটীয়া (১) বাবাজীৰ মন্ত্ৰণা
সেই দিনাখন পুতেকে সৈতে কথাবতৰা পাতি উঠি হলকান্ত বৰুৱাই বেলি অলপ লহিওৱাত নিজৰ ঘৰৰ পৰা ওলাই তেওঁৰ হাউলিৰ অলপ আঁতৰত থকা এটি সন্ন্যাসীৰ আখাৰালৈ আহিল; আৰু সন্ন্যাসীজনক সেৱা কৰি তেওঁৰ আগত বহি কথাবতৰা পাতিবলৈ ধৰিলে।
এই সন্ন্যাসীজনৰ কি নাম, কি ধাম, কেৱে কব নোৱাৰিছিল। কথায় বতৰায় সকলোৱে মুঠতে এইটো বুজিব পাৰিছিল যে তেওঁ আগৰ পচিমৰ ফালৰ মানুহ। তেওঁ শিৱপন্থী নাগা। তেওঁৰ মূৰত এটা ডাঙৰ জট। গায়ে গোটে তেওঁ ডাঙৰ দীঘল আৰু হটঙা মানুহ। তেওঁৰ আচল নাম কেৱেই নেজানি সকলোৱে তেওঁক ‘‘জটীয়া বাবা” বুলি মাতিছিল।
তেওঁ যেতিয়া পোনে প্ৰথমে বৰপেটালৈ আহিছিল, তেতিয়া তেওঁ মুঠতে ঘটি এটা আৰু চেপেনা এপাতত বাজে আন একো বস্তু অনা নাছিল। তেওঁ আহি পোনেই যুগীৰ পামত এজোপা গছৰ তলত আশ্ৰয় লয়। এদিন দুদিনকৈ এই জটাজুটধাৰী বাবাজীৰ ওচৰলৈ দুই এটাকৈ মানুহ চাপিছিল; আৰু শেষত অনেকে তেওঁক প্ৰকৃত নিস্পৃহ আৰু স্বাৰ্থশূন্য সাধু যেন বুজি শ্ৰদ্ধা ভক্তিও কৰিছিল।