পৃষ্ঠা:Manomati.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
মনোমতী

 হলকান্ত বৰুৱাৰ গাত আন আন দোষ থাকিলেও তেওঁৰ সাধু সন্ন্যাসীক শ্ৰদ্ধা আৰু ভক্তি কৰা এফেৰি গুণ আছিল। তেওঁ যেতিয়া আন আন মানুহৰ মুখে শুনিলে যে তেওঁৰ হাউলীৰ ওচৰতে এজন প্ৰকৃত সাধু সন্ন্যাসী আহি আছে, তেতিয়া তেওঁ এদিন সন্ন্যাসীৰ ওচৰলৈ গৈ গলবস্ত্ৰ হৈ বাবাজীক সেৱা-সৎকাৰ কৰি শ্ৰদ্ধা-ভক্তি কৰিলে আৰু তেওঁক আন কলৈকো যাবলৈ নিদি সেই ঠাইতে তেওঁৰ মানুহৰ হতুৱাই এটা আখাৰা পাতি দিলে আৰু সেই খিনিতে এটি শিৱলিঙ্গ থাপন কৰি এটা পূজা ঘৰো বান্ধি দিলে। তেওঁৰ শ্ৰদ্ধা আৰু ভক্তিত সন্তুষ্ট হৈ জটীয়া বাবাও তাতে থাকিল। সেই দিনৰে পবা যুগীৰ পামৰ সেই গছৰ তল ডোখৰেই জটীয়া বাবাৰ আখাৰা হ’ল।

 হলকান্ত বৰুৱাই এই আখাৰালৈকে আজি আহি সন্ন্যাসীৰ আগত বহিল আৰু সেৱা কৰি উঠি কলে—‘বাবাজী! দাসৰ এটা কথা নিবেদন কৰিবলগীয়া আছে।”

 সন্ন্যাসী—“বাবা কি কথা ক’।”

 হলকান্ত—“বাবা! মই শুনিলো বোলে আমাৰ এই অসম দেশৰ দিন বেয়া পৰিছে।”

 সন্ন্যাসী—“বাবা! মোৰো তেনে এটা অনুমান হৈছে। তইনো কি শুনিছ কচোন।”

 হলকান্ত—“মই শুনিলো বোলে অলেখ মান আমাৰ এই ফাললৈ ভটিয়াই আহিব লাগিছে। সিহঁতে হেনো এফালৰ পৰা আমাৰ দেশ নগৰ উপান্ত কৰি আাহিব লাগিছে।”