এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গীতবিলাক শুনো। প্ৰাণৰ সখি! কোৱাচোন তোমাৰ সেই ডেকাজনলৈ ধাউতি হৈছেনে নাই (মনোমতীয়ে তলমূৰ কৰে)। সখি! তললৈনো মূৰ কৰিলা কেলেই? তুমি দেখোন কান্দো কান্দো হৈছা। মোৰ কথাত বেজাৰ পালানে কি? যদি বেজাৰ পাইছা কোৱাঁ। মই আৰু তোমাক আজিৰ পৰা এনেবিলাক কথা নকওঁ। মই যাওঁ।”
মনোমতী—( চকু চলচলীয়া কৰি আৰু সখীয়েকক সাবোট মাৰি ধৰি) সখি! তুমি নাযাবাঁ। তুমি নহলে মই সকলো শুদা শুদা দেখোঁ।”
পমীলা—(মনোমতীৰ থুতৰিত ধৰি) “সখি! বুকৰ সখি! নাকান্দিবাঁ। তুমি থিৰ হোৱাঁ। মই থাকোঁতে তোমাৰ কিহৰ দুখ?
এইদৰে কথা-বতৰা হৈ পমীলাই মনোমতীক ঘৰলৈ লৈ আহিল। সেই নিশা দুয়ো সখীয়েকে খাই বই উঠি একে শয্যাতে গলত ধৰাধৰি কৰি শুই থাকিল।