সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
দুই সখী

কিছু পমীলা এজোপা যেই সেই বাটৰুৱা মানুহৰ মন মোহিব পৰা গোলাপ ফুল। মনোমতী আজলী—নিচেই কথা কব নজনা; পমীলা ৰাংধালী আৰু চতুৰালি কথা কব পৰা। মনোমতীৰ বুদ্ধি সৰল ৰকমৰ, পমীলাৰ বুদ্ধি অলপ-ধতুৱা পুৰুষক ঠাইতে ঘাটি খুৱাব পৰা। ৰূপতো পমীলা মনোমতীতকৈ বিশেষ হীন নাছিল। মনোমতী বগা, পমীলা তেজগোৰা। মনোমতীতকৈ পমীলা অলপ ওখ। মনোমতীৰ চুলিটাৰতকৈ পমীলাৰ চুলিটাৰ দীঘল। পমীলা মনোমতীতকৈ অলপ শকত। তামোল খাই তেওঁৰ মুখখন সদাই তুকতুকীয়া ৰঙা। বুকুখন ওখ আৰু হাতভৰিবিলাক শকত-আৱত।

 মনোমতীৰ হাতত ধৰিয়েই পমীলাই কবলৈ ধৰিলে—”সখি। তুমি এতেখিনি পৰেনো কি কৰিছিলা?”

 মনোমতী—“তুমি ওলাই যোৱাত মোৰ অকলৈ অকলৈ ঘৰৰ ভিতৰত বহি থাকি ভাল নালাগি এই পোনে খিড়িকীৰে মানাহ নৈ খনকে চাই আছিলোঁ।”

 পমীলা—“তুমি আমাৰ এই মানাহ নৈৰে এখন নাৱঁত উঠি ভটিয়াই যাবলৈ কেনে ভাল লাগে ইয়াকে ভাবিছিলা হবলা?”

 মনোমতী—“মোৰ পেটত কি কথা ভাবিছিলোঁ তুমিনো তাক কেনেকৈ জানিলা?”

 পমীলা—“জানিবৰ কাৰণ আছে। নাজানানে এক কয় দেখি এক কয় লেখি?”