মানুহঘৰক বঢ়াই বুজাই তেওঁ পমীলাক নিজৰ ঘৰলৈ লৈ আহে। আৰু সেই দিনৰে পৰা অৰ্থাৎ পমীলাৰ নওবছৰ মান বয়সৰে পৰ পমীলাক মনোমতীৰ লগৰীয়া কৰি দিয়ে। মনোমতীয়েও সৰুৰে পৰা অৰ্থাৎ দুবছৰ বয়সৰে পৰা পমীলাৰ লগত থাকি লগত খাই তেওঁক নিজৰ বৰবায়েক যেন দেখে আৰু এইদৰেই পমীলা মনোমতী দুইও এক প্ৰাণ হোৱাৰ দৰে হয়। পমীলাৰ যেতিয়া যৌৱন হয়; তেতিয়া মৰমিয়াল চণ্ডী বৰুৱাই পমীলাক নিয়মমতে বিয়া দি উলিয়াই দিবলৈ ইচ্ছা কৰিছিল। পমীলাই সেই কথা শুনি আৰু মনোমতীৰ পৰা আঁতৰ হৈ থাকিব লাগিব বুলি ভাবি কান্দি-কাটি অথিৰ হৈ মনোমতীৰ হতুৱাই চণ্ডী বৰুৱাক নিজৰ মনৰ ভাব কোৱায়। চণ্ডী বৰুৱাইও সেই কথা শুনি পমীলাক আৰু ক’তো তেওঁৰ বিনা সম্মতিত বিয়া দিবলৈ ইচ্ছা নকৰিলে। মনোমতীৰ মৰমত পমীলা ইমান পমি গৈছিল যে তেওঁ আজি একুৰি ছবছৰ বয়সলৈকে নিজৰ বিয়াৰ বিষয়ে ভবাই নাছিল।
পাঠক! আমাৰ মনোমতী নকৈ ফুলিব খোজা এপাহি পদুম আৰু পমীলা ভালকৈ ফুলা এপাহি গোলাপ ফুল। মনোমতীৰ চকুত কি গুণ আছিল আমি কব নোৱাৰোঁ কিন্তু তাক দেখিলে অনেকে মোহ নগৈ থাকিব নোৱাৰে বুলি আমি ডাঠকৈ কব পাৰোঁ; কিন্তু পমীলাৰ চকু যেন ঈশ্বৰে তেওঁক বিশেষকৈ মানুহ বশ কৰিবৰ নিমিত্তে দিছিল। মনোমতীক দেখিলে এইটো বুজিব পাৰি যে তেওঁ একোকে নজনা এজুপি মাধৈ-মালতী লতা