পৃষ্ঠা:Manomati.pdf/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 মনোমতী—“সখি! তোমাৰ কথায় কথায় পটন্তৰ আহে। তুমিও ভাল দিয়া!”

 পমীলা—“তোমাৰ নিচিনা গাভৰুৰ সখী এজনীনো বেয়া হৰ পাৰোঁনে?”

 মনোমতী—“তোমাক আমি আৰু কথাৰে বলে নোৱাৰোঁ?”

 পমীলা—“মোকতো নোৱাৰা কিন্তু আন মানুহক পাৰিবা হবলা?”

 মনোমতী—“যোৱা। তোমাৰ কথাকে আমি দেও বুজিব নোৱাৰোঁ?”

 পমীলা--“আৰু কেইদিন মানৰ মূৰতে বুজিব পাৰিবা। বাৰু সেইবিলাক কথা এতিয়া এৰা যাওক। কোৱাচোন তাৰ পাছত কি কৰিছিলা?”

 মনোমতী—“তাৰ পাছত মই এক আধ্যা কীৰ্ত্তন আৰু এক আধ্যা দশম পঢ়িছিলো। বাৰু সখি! তোমাক মই এটা কথা সোধোঁ। চোৱাচোন সেই শিমলুগছত থকা ম’ৰাজনী দেখিবলৈ কেনে ভাল লাগে।”

 পমীলা—“মোৰ হলে অকল মাইকী ম’ৰাজনী দেখি বৰ ভাল নালাগে। মাইকীজনীৰ লগত মতাটোকো একেলগে দেখিলেহে ভাল লাগে। কথাতে কয় আকাশত চন্দ্ৰ নেথাকিলে তৰাও নিজিলিকে।”

 মনোমতী—“সখি! চোৱাচোন সেই ম’ৰাজনীয়ে কেনেকৈ মাতিছে।”