পুতেক, তিলোত্তমাৰ দৰে জীয়েক, বিচিত্ৰীৰ দৰে গুণৱতী ভাৰ্য্যা আছিল। তেওঁক ঈশ্বৰে সকলো প্ৰকাৰে সুখী কৰিছিল; কিন্তু তেওঁ ইমানবিলাক সুখ সম্পত্তিৰ গৰাকী হৈয়ো প্ৰকৃতপক্ষে সুখী হব নোৱাৰিছিল। ইয়াৰ কাৰণ অকল বৰনগৰীয়া বৰুৱালৈ তেওঁৰ হিংসা। তেওঁৰ ইমান ওচৰতে তেওঁতকৈ ধনে, জনে, মানে আৰু এজন ডাঙৰ মানুহ থাকিব এইটো কথা তেওঁৰ নাটনি। বিশেষ বৰনগৰীয়া বৰুৱাৰ ঘৰ তেওঁৰ পিতৃবৈৰী। তেওঁ বৰনগৰীয়া বৰুৱাৰ বেয়া হলেই ভাল পাইছিল।
সেই দিনাখন ফাকুৱাৰ পৰা উলটি আহিবৰে পৰা আমাৰ ডেকা লক্ষ্মীকান্ত বৰুৱাৰ মনত কিবা এটা চিন্তা হৈছিল। উঠোঁতে, বহোঁতে, খাওঁতে, শোওঁতে তেওঁৰ সদায় হা-হুমুনিয়াহ শুনা গৈছিল। কীৰ্ত্তন ঘৰত ৰূপহী গাভৰুজনীক দেখিবৰে পৰা তেওঁৰ এনে বিলাই হৈছিল। তেওঁ মানুহৰ মুখে শুনিছিল সেই গাভৰুজনী চণ্ডী বৰুৱাৰ ধৰ্ম্মীয়া জীয়েক। সেই চণ্ডী বৰুৱাৰে সৈতে তেওঁৰ বাপেকৰ যে বিৰোধ ভাব আছিল এইটো কথাও তেওঁ সুন্দৰকৈ জানিছিল। এনেস্থলত তেওঁৰ সেই ৰূপহী গাভৰুজনীক পাবৰ আশা কৰা বৃথা৷ এইটো জানিয়েই তেওঁ মনত অধিক দুখ পাইছিল।
আমাৰ পাঠক আৰু পাঠিকা সকলৰ কেৱে কেৱে লক্ষ্মীকান্তৰ নিচিনা ভাল স্বভাৱৰ ডেকা এজনক এনেবিলাক আচৰণ কৰা দেখি পেটে সমন্বিতে তেওঁক নিন্দা কৰিবলৈ ইচ্ছা কৰিব আৰু সেই কথা আামি জানোৱাৰ বাবে আমাকো চাগৈ বেয়া পাব।