পৃষ্ঠা:Manomati.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
বাপেক পুতেক

কিন্তু আমি কি কৰিম। সেই কথাত বেজাৰ পালেও আমাৰ একো উপায় নাই। আজি ভালেমান দিন হ’ল আমি আমাৰ এজন বন্ধুৰ পৰা জানিব পাৰিছিলোঁ যৌৱনৰ হেনো এছাটি পছোৱা বতাহ আছে। সেই পচোৱা বতাহ ছাটি হেনো সকলো মানুহৰে গাত এবাৰ লাগে। আৰু সেই বতাহ লাগিলে হেনো গাৱঁলীয়া ডেকাই এঠাইত এটা লেঠা লগাই ‘‘কেচাৰি” ঘৰত উপস্থিত হয়। চহৰৰ লাহৰ ডেকাই হেনো ‘‘সখৰ যাত্ৰাৰ” দলত সোমায় আৰু নাটক উপন্যাস পঢ়ি মাৰ্জিত ৰুচিৰ প্ৰেমৰ মোল বুজা হয়। লাজকুৰীয়া ডেকাই হেনো বাটে-পথে দেখা গেন্ধেলীতে তিলোত্তমা অপেস্বৰীৰ ৰূপ অৰ্পণ কৰি সেই গেন্ধেলীৰ উদ্দেশেই তাই জানিব পাৰকেই বা নোৱাৰকেই “দৰশন বিনে প্ৰাণ যে যায়। কোথা গেলে পাব তাৰে বলে দে আমায়” এনেবিলাক পদ আওৰায়; আৰু লেখা পঢ়া জনা বুধি থকা দুই এজন ডেকা হেনো হঠাতে কবি হৈ উঠে আৰু ‘‘সকলোৰে মুখে শুনো তাতে বহি বহি গুণো মানুহে সঁচানে ভাল পায়” ইত্যাদি। সুৱলা আৰু নতুন কবিতা লেখে। বন্ধুৱে কোৱা এই কেইফাকি কথাই যদি সঁচা হয় তেন্তে আমাৰ লক্ষ্মীকান্ত ডেকা বৰুৱায়ো কীৰ্ত্তন ঘৰত মনোমতীৰ নিচিনা ৰূপহী গাভৰুজনীক দেখি সেই গাভৰুলৈ হা হুমুনিয়াহ কঢ়াটোও একো আচৰিত কথা নহয় আৰু আমাকো সেইবাবে বেয়া পাবলগীয়া কথা নহয়।

 পাছে লক্ষ্মীকান্তই এইদৰে মনতে গুণি ভাবি এদিন দুপৰীয়া তেওঁৰ শোৱা খোটালিত বিছনাত পৰি হা হুমুনিয়াহ কাঢ়ি আছে;