সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম অধ্যায়
বাপেক পুতেক

 হলকান্ত বৰুৱা গুৱাহাটীৰ বৰফুকনে পতা যোগকান্ত বৰুৱাৰ পুতেক।—৺গদাধৰ সিংহৰ দিনতে তেওঁৰ বাপেক ৰঙ্গপুৰৰ পৰা পলাই আহে আৰু বৰফুকনক মচলমানৰ যুঁজত সহায় কৰি বৰুৱা বিষয় পায়। হলকান্ত সৰুৰে পৰা বাপেকৰ বৰ আদৰৰ লৰা আছিল। লৰাকালত তেওঁ ভালকৈ লেখাপঢ়া নিশিকিলে আৰু সেই কাৰণেই তেওঁৰ স্বভাৱটোও অলপ উদ্ধত আাছিল। তেওঁ সকলোকে, বিশেষ কামৰূপীয়া মানুহক ঘিণাই ফুৰিছিল আৰু নিজকে সংসাৰৰ সকলো মানুহতকৈ ডাঙৰ যেন বিবেচনা কৰিছিল। তেওঁ টিঙিৰামূৰা আৰু গায়েগোটে লাহী বিধৰ মানুহ আাছিল।

 তেওঁৰ পুতেক আমাৰ এই আখ্যানৰ নায়ক লক্ষ্মীকান্ত ডেকা বৰুৱা হলে স্বভাৱত বাপেকৰ সম্পূৰ্ণ বিপৰীত আছিল। তেওঁ উতনুৱা স্বভাৱৰ ডেকা নাছিল। তেওঁ বৰ শান্তশীল। শৰীৰত বল আৰু হৃদয়ত সাহ আাছিল। মন তেওঁৰ উন্নত, হৃদয়ত হিংসা, দ্বেষ, পৰশ্ৰীকাতৰতা ইত্যাদি কুবৃত্তিবিলাকে ঠাই নেপাইছিল। তেওঁ আন কি স্বদেশৰ হিতৰ অৰ্থে প্ৰাণ দিবলৈকে আগবাঢ়িব পাৰিছিল।

 তেওঁৰ বাপেক হলকান্ত বৰুৱাৰ ধন, জন, মাটি, বৃত্তি, বেটী বন্দী সৰহ পৰিমাণে আছিল। তেওঁৰ লক্ষ্মীকান্তৰ নিচিনা