আমাৰ অসমৰ বৰুৱা ফুকন সকলে নিজ জ্ঞাতিৰ, নিজ ভাগীৰ, আন কি ওচৰ চুবুৰীয়া মানুহৰো কেনেকৈ উপকাৰ কৰিব লাগে এই কথা জানিছিল। ৰজাঘৰীয়া বিষয়াসকলৰ গাত আন দোষ থাকিলেও সহায় সাৰথি হীন মানুহক উপকাৰ কৰা ধৰ্ম্মফাকি আছিল। এতিয়াৰ দৰে সেই সময়ত বিষয়া সকল গায় গোটা পেটে ভঁড়াল স্বভাৱৰ নাছিল। আমাৰ মনোমতীক চণ্ডী বৰুৱাই নিৰাশ্ৰয়া দেখি নিজৰ লৰা এটা আৰু ছোৱালী দুজনী থকাতো বৰকৈ মৰম কৰিছিল। আন কি মনোমতীৰ যিহতে ভাল হয় তাৰে চেষ্টা কৰিছিল। মনোমতীয়ে যিহকে ভাল পায় তেওঁ তাকে কৰিছিল।
মনোমতীক সৰুৰে পৰা পমীলা নামেৰে ছয় সাত বছৰ মানে ডাঙৰ এজনী গাভৰুৱে তুলি তালি ডাঙৰ দীঘল কৰিছিল। মনোমতীয়ে এই দৰে চওী বৰুৱাৰ আশ্ৰয়ত ডাঙৰ দীঘল হৈছিল। তেওঁ চণ্ডী বৰুৱাৰ গড়ৰ ভিতৰত নিৰ্বিঘ্নে যতে ইচ্ছা ততে ফুৰিব পাৰিছিল। তেওঁৰ ঘাই শোৱনিঘৰটো বৰুৱাৰ বৰ ঘৰৰ পচিমমূধে থক৷ ঘৰটোৰেই আছিল। জহকালি বা বসন্ত কালি দুভাগখিনি তেওঁ তেওঁৰ সখীয়েক পমীলাই সৈতে এই দালানটোতে ৰাতি ৰাতি জুৰ লৈছিল। বৰুৱাই তাত কোনো হকা বধা নকৰিছিল। মনোমতীয়ে যি খিৰিকীৰে মানাহলৈ চাই আাছিল সেই খিৰিকীখনৰ ওপৰত এখন পাত বন্ধা আাছিল। সেই পাতত হিঙুল হাইতাল খুউৱা সৰু সৰু পেৰাৰ ভিতৰত কীৰ্ত্তন, দশম, নামঘোষা ইত্যাদি পুঁথি আছিল।