পাছত এখন খাটত বহি এজনী গাভৰুৱে দালানটোৰ উত্তৰৰ খিৰিকী এখনেৰে “মানাহ” নদীলৈ বাহিৰৰ উত্তৰৰ গড়ৰ ওপৰেদি চাই আছিল। দালানটো তিনিপুলীয়া। ভিতৰখন সুন্দৰকৈ সজোৱা। পূবৰ খোটালিটোত এখন খাট পতা। এই খাটখনৰ ওপৰতে গাভৰুজনী বহি আছিল। এই খোটালিটোত তিনি ফালে তিনিখন খিৰিকী। দালানটোৰ মাজৰ খোটালিটো উদং। পচিমৰ খোটালিটোতো এখন খাট পতা৷ সেই খাটৰ সমুখতে দক্ষিণফালে এখন উদং মজিয়া।
পাঠক! গাভৰুজনী কোন চিনিছেনে।? এৱেঁই আমাৰ প্ৰথম তিনি অধ্যায়ত উনুকিওৱা গাভৰু; নাম “মনোমতী।” এওঁ চণ্ডীবৰুৱাৰ ফৈদৰ ধৰ্ম্মেশ্বৰ নামেৰে এজন চৌধাৰীৰ একেজনী জীয়াৰী। এওঁবিলাক জাতত কলিতা। এওঁৰ বাপেক চণ্ডী বৰুৱাৰ সোঁহাতৰ দৰে আছিল। তেওঁৰ বাহুবলতে বৰুৱাই অকণ্টকে বিষয় ভোগ কৰিছিল।
মনোমতীৰ যেতিয়া দুবছৰ বয়স তেতিয়াই তেওঁৰ মাক মৰে। তাৰ দহমাহ মানৰ পাছত তেওঁৰ বাপেক ধৰ্ম্মেশ্বৰো পৰলোক প্ৰাপ্ত হয়। তেওঁৰ বাপেকে মৰিবৰ সময়ত তেওঁক চণ্ডী বৰুৱাক হাতে হাতে সপি দি যায়। চণ্ডী বৰুৱায়ো সেই কথা অনুসৰি আৰু তেওঁৰ বাপেকৰ গুণলৈ মনত কৰি তেওঁক তেওঁৰ বয়ে-বস্তুৱে নিজৰ ঘৰলৈ লৈ আহে আৰু সেই দিনৰে পৰা নিজৰ জীয়াৰীৰ দৰে তুলি তালি ডাঙৰ দীঘল কৰে। পাঠক! সেই সময়ত