মনোমতীয়ে যি সময়ত খিৰিকীৰে নদীৰ ফালে চাই আছিল। সেই সময়ত বেলি ভাটি মাৰিছিল। গছে পাতে ৰদ আছিল। সূৰ্য্যদেৱে দিনমান পৰিশ্ৰম কৰি ভাগৰ লাগিহে যেন জিৰাবলৈ মন কৰি পচিম আকাশত ঠাই লৈছিল। আকাশখনে পচিমফালে হেঙুলীয়া বৰণ ধৰিছিল। সেই আকাশৰ ছাঁ মানাহ নদীৰ ওপৰত পৰি মানাহৰ পানীকো ঝিলমিলীয়া কৰিছিল। সন্ধ্যাৰ কালত মৃদু মৃদু বতাহ বৈছিল। সেই বতাহৰ বা ৰিব ৰিব কৰি মনোমতী গাভৰুৰ গাত লাগি একোবাৰ তেওঁৰ ৰিহাৰ আঁচলটি উৰাই উৰাই নিছিল।
মনোমতীৰ কঁকালত এখন পাটৰ ফুলাম মেখেলা গাত এখন পাটৰ ৰিহা। হাতত এযোৰ সোণৰ বালা৷ নাকত এটা নাক- ফুল। কাণত এযোৰ কৰিয়া। কপালত এটা সেন্দুৰৰ বহল ফোঁটা। মূৰত চুলিটাৰিৰ এটা খেকেৰুপতীয়া খোপা, তামোলৰ ৰাঙেৰে ওঠ ছটি টিক্টিক্ কৰে ৰঙা।
মনোমতী গাভৰুৰ বয়স পোন্ধৰ কি ষোল্ল বছৰ হৈছিল। তেওঁৰ গাৰ বৰণ বগা। মুখখন চুচিকটা। চকুজুৰি উজ্জ্বল আৰু তাৰ ওপৰৰ ভূৰুজুৰি ধেনুৰ দৰে আৰু দুয়ো কাষে বৈ পৰা। তেওঁৰ গা বৰ শকতো নাছিল, লাহীও নাছিল। তেওঁৰ মুখখন কোমল। চকুযোৰত যেই সেই মানুহকে মৰম লগাব পৰা এটি অসামান্য জেউতি আছিল; সেই জেউতিত পুৰুষৰ মনত তেওঁলৈ পাপ চিন্তা কৰাৰ পৰা একো নাছিল। যেই সেই মানুহকে প্ৰকৃত মৰম লগাব পৰা শক্তি এটিহে আছিল।