সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টীকা
প্ৰথম খণ্ড
প্ৰথম অধ্যায়

 ১৷ হেকতীয়া মাহ দিলে—এই ক্ৰিয়াটো তাহানিখন কৃষক তেওঁৰ লগৰী গোৱালসকলে গৰু চাৰোঁতে বনফল আনি দিয়া শ্ৰুতিৰ আৰ্হি লৈ কৰা হয়৷।

তৃতীয় অধ্যায়

 ১৷ আজিকালি— অৰ্থাৎ ১৮৯৭ চনৰ ভূমিকম্প হোৱাৰ আগেয়ে৷ ১৮৯৭ চনৰ ভূমিকম্পত এই যুগীৰপাম নষ্ট হৈছে৷

 ২৷ যি সময়ৰ — অৰ্থাৎ মানৰ শেষ আক্ৰমণৰ আগলৈকে৷

 ৩৷ নৰনাৰায়ণ—কোচবিহাৰৰ নৰনাৰায়ণ ৰজা বৰ বিক্ৰমশালী আৰু ধাৰ্ম্মিক আছিল৷ অসমৰ বৈষ্ণৱ সম্প্ৰদায়ৰ সকলোবিলাক মহাপুৰুষেই তেওঁৰ সভাত আদৰ পাইছিল আৰু তেওঁৰ আশ্ৰয় লভিছিল৷ তেওঁৰ সভাত সকলো জাতৰে অসমীয়া মানুহ আছিল আক ভালেমান অসমীয়া মানুহৰ তেওঁ আশ্ৰয়দাতা আৰু অন্নদাতা আছিল৷ নৰনাৰায়ণ ৰজাই ৰামায়ণৰ দুই কাণ্ড, অষ্টাদশ পৰ্ব্ব মহাভাৰত, মূল সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ ভঙায়৷ ইয়াত বাজেও ৰত্নমালাকে আদি কৰি অনেক পুথি তৈয়াৰ কৰায়৷ দুখৰ বিষয় আজি কালি তেওঁৰ ৰাজ্যত তেওঁৰ বংশধৰৰ ওচৰত অসমীয়া মানুহে আশ্ৰয় পোৱা নাই৷ বঙালীসকলেহে তেওঁৰ পৰা অন্ন আৰু আদৰ পাব লাগিছে৷ আমাৰ অসমীয়াৰ দুৰ্কপাল৷