পাতিছিল৷ নহয়?” পমীলাই হাঁহি হাঁহি কলে—সখি৷ ভাল ছেগ পাইছা৷ বাৰু তোমাৰ যি ইচ্ছা তাকে কোৱা৷”
শান্তিৰাম আহি পোৱাৰ প্ৰায় এপষৰ মূৰতে মনোমতী আক তিলোত্তমাৰ খেচখেচনিত লক্ষ্মীকান্ত আৰু বদনে আলচ কৰি শান্তিৰাম আৰু পমীলাৰ বিয়াখন পাতিলে৷ আটাইবিলাক তিৰুতায়ে মহা উলাহেৰে বিয়াৰ কাৰবাৰ কৰিলে৷ শান্তিৰাম ভকতক লক্ষ্মীকান্ত আৰু বদন চৌধাৰীয়ে হাঁহি খিকিন্দালি কৰি বৰ সজালে৷ তিৰুতাবিলাকে বিশেষ মনোমতী আৰু তিলোত্তমাই গাৱঁৰ কেইজনীমান গাভৰু লগ লগাই পাৰেমানে (২) যোৰানামবিলাক গালে৷ এইদৰে নামে-পদে শান্তিৰাম আৰু পমীলাৰ বিয়াখন হৈ গ’ল৷ পমীলা আৰু শান্তিৰামৰ মুখত আগৰ ৰঙ-ধেমালিৰ ভাবিবিলাকে খেলাবলৈ ধৰিলে৷ ৰাংধালী পমীলাই উঠোঁতে বহোঁতে খাওঁতে শোওঁতে শান্তিৰামক জোকাবলৈ বাকী নেৰিলে৷ আহোঁতে এটি চিকুট, যাওঁতে কাষলতিৰ তলত সুৰসুৰাই দিয়া ইত্যাদি আমোদত পমীলাৰ দিনকাল সুখেৰে যাবলৈ ধৰিলে৷
সুখেৰে বদনৰ ঘৰত আৰু ছমাহ থাকি লক্ষ্মীকান্তই বৰপেটাতে বেলেগে এখন ঘৰ কবিলে৷ বৰনগৰীয়া বৰুৱানী আকৌ গৌৰীপুৰলৈ গ’ল৷ শান্তিৰামেও লক্ষ্মীকান্তৰ ওচৰতে বেলেগে এখন ঘৰ কৰিলে৷ দুইও বন্ধা ভূটা ৰাখি খেতি আৰু বাণিজ্য কৰিবলৈ ধৰিলে৷ অলপ দিনৰ ভিতৰতে হইও চহকী হ’ল হইৰো ৰৌ ৰৌৱা গৃহস্থী হবলৈ ধৰিলে৷