৪৷ চণ্ডী বৰুৱা—এওঁ বৰনগৰীয়া দুৱৰীয়া বৰুৱা৷ এওঁক মানে কাটে সেই দেখি এওঁক কেৱে কেৱে “মানে কটা বৰুৱাও“ বোলে৷ আমাৰ এই উপন্যাসত মানে তেওঁক কেনেকৈ কাটিলে তাৰে বিবৰণ দিয়া হৈছে৷ এওঁৰ বংশধৰ আজিকালি যি সকল আছে তেওঁবিলাকৰ অৱস্থা বৰ শোচনীয়৷ কামৰূপত বৰফুকনৰ তলতে উত্তৰ পাৰে চান্দকুচীয়া বুজৰ বৰুৱা, বৰনগৰীয়া দুৱৰীয়া বৰুৱা, হলিৰাজ দুৱৰীয়া বৰুৱা, দক্ষিণ পাৰে ৰাণীৰ ৰজা, লুকীৰ ৰজা, পানবাৰী ডুৱৰীয়াৰ ৰজা, বেলতলীয়া ৰজা এই সকলেই ডাঙৰ আৰু ঘাই মানুহ আছিল৷ ইয়াত বাজেও কুমাৰকুচীয়া, চমাৰকুচীয়া, বাকেবিকুচীয়া, জিকেৰীয়া ইত্যাদি বৰুৱা, বৰ কাইঠ আছিল৷ পৰিতাপৰ বিষয় আজিকালি এই সকলৰ বংশধৰ সকল দুখত পৰিছে৷ এনে কি আজিকালি এইবিলাক কোনো ঘৰৰ বংশধৰসকলক বাটৰ কুকুৰেও ঠাই দিব নোখোঁজে৷ অনেকৰেই মাটি-বৃত্তি একো নাই৷ কালৰ গতি! চণ্ডী বৰুৱাৰ পূ্ৰ্ববপুৰুষসকল কনৌজৰ কায়স্থ বুলি প্ৰখ্যাত৷ আমি জনামতে বৰনগৰীয়া বৰুৱাৰ পুৰুষিনামা এই:—
পৃষ্ঠা:Manomati.pdf/২৭২
অৱয়ব