পৃষ্ঠা:Manomati.pdf/২৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৬৩
ধীৰে সমীৰে যমুনাতীৰে বসতি বনে বনমালী

তিৰুতাসকলেও কান্দিলে৷ এইদৰে সুখে দুখে সকলোবিলাকেই নিশাটো কটালে৷

 ইয়াৰ ছয় সাত দিনৰ মূৰত লক্ষ্মীকান্ত আৰু মনোমতীৰ শুভ বিবাহ বদন চৌধাৰীৰ ঘৰতে হৈ গ’ল৷ সেই বিয়াত সকলোৱেই উলাহ মনেৰে কাৰবাৰ কৰিলে৷ ভালেমান দুখ কষ্টৰ মূৰত মোৰ এই ডেকা-গাভৰু হাল সুখী হ’ল৷

 লক্ষ্মীকান্তৰ বিয়া হৈ যোৱাৰ পাঁচ দিনৰ মূৰতে তিলোত্তমা আৰু বদনৰো বিয়াখন হ’ল৷ ইও দুজন ডেকা-গাভৰু সুখী হ’ল৷ এই ছখন বিয়াৰ পিছত অনাথ চৌধাৰী নিজৰ গাৱঁলৈ উলটি গ’ল৷ হলকান্ত বৰুৱা আৰু সন্ন্যাসীও গ’ল৷ তেওঁ যাবৰ পৰত জীয়েক, পুতেক, বদন, বদনৰ মাক, বোৱাৰীয়েক সকলোৱেই তেওঁক সন্ন্যাস এৰি গৃহবাস কৰিবলৈ বৰকৈ খাটিলে৷ বৰুৱাই কিন্তু কাৰো কথা নুশুনি সকলোকে প্ৰবোধ দি, জীয়েক, পুতেক, জোয়াঁয়েক, বোৱাৰীয়েক সকলোকে আশীৰ্বাদ দি সন্ন্যাসীৰ পাছে পাছে গ’ল৷

 আচৰিত কথা৷ সন্ন্যাসী আৰু হলকান্ত বৰুৱা যাবৰ দিনৰে পৰা বদনৰ ঘৰৰ পৰা শান্তিৰামো নিৰুদ্দেশ হ’ল৷

⸺⸻