শান্তিৰাম ভকত বদনৰ ঘৰৰ পৰা নিৰুদ্দেশ হবৰে পৰা পমীলাৰ মুখত আৰু আগৰ সেই হাঁহিমাত নোহোৱা হ’ল৷ সদায় হা হুমুনিয়াহতে তেওঁৰ দিন যাবলৈ ধৰিলে৷ মনোমতীয়ে সখীয়েকৰ দুখ বুজি তেওঁক বৰকৈ যতন কৰিবলৈ ধৰিলে আৰু মাজে সময়ে কবলৈ ধৰিলে—“সখি! তুমি চিন্তা নকৰিবা৷ তোমাৰ মনচোৰ আহি ওলাব৷
ইফালে শান্তিৰাম ভকতে সেই নিশা বদনৰ ঘৰৰ পৰা ওলাই সন্ন্যাসী আৰু হলকান্ত বৰুৱাৰ পিছে পিছে যাবলৈ ধৰিলে৷ ভালেমান দেশ নগৰ তীৰ্থ ফুৰি ফুৰি বাবাজী আৰু বৰুৱাই ৺কাশীধাম পালেগৈ৷ তাত শান্তিৰাম ভকতে এদিন সন্ন্যাসীৰ আগত ওলাই দীঘলকৈ দণ্ডৱৎ দি পৰি কলে—“প্ৰভো! দাসকো কৃপা কৰি সন্ন্যাস দিয়ক৷ দাসেও সংসাৰ ত্যাগ কৰিলোঁ! ” সন্ন্যাসীয়ে কলে—“বাছা! তোক মই এতিয়াও সন্ন্যাস দিব নোৱাৰোঁ৷ তোৰ ভালেমান খাবলবৰ দিন আছে৷ তই এই কোমল বয়সতে কঠোৰ সন্নাস পালিব নোৱাৰিবি৷ সেই দেখি বাছা! তই ঘৰলৈ উলটি যা৷ বিয়াবাৰু কৰাই গৃহস্থী কৰগৈ৷ সংসাৰ ধৰ্ম্ম পালন কৰি বাসনা পৰিতৃপ্ত কৰ৷” শান্তিৰাম— “প্ৰভু! সংসাৰৰ জঞ্জাল দেখোন বৰ বেছি৷ সেই দেখি মই উদাসীন ধৰ্মকে লবলৈ মন কৰিছোঁ৷ বিশেষ আমাৰ মহাপুৰুষেও কৈছে কেৱল ধৰ্মহে শ্ৰেষ্ঠ৷ সন্ন্যাসী—“বাছা৷ কেৱল ধৰ্ম্ম অতি কঠোৰ৷ যেই সেই মানুহে পালিব নোৱাৰে৷ বোধ