মোৰ এই চুলি এডাল দিলোঁ৷ মোলৈ মৰম আছে যদি ইয়াক এটা বিৰিৰ ভিতৰত সুমুৱাই হাতত বান্ধি ৰাখিব৷ মৰম নাই যদি চুলিডাল পুৰি পেলাব৷ ইয়াৰ লগতে মোৰ অলঙ্কাৰ কেইডালো দিলোঁ৷ পাপিনীৰ বস্তু বুলি ঘিণ কৰি দলিয়াই নেপেলাব৷ পাপিনীলৈ শোক কৰি অসুখী নহব৷ আপোনাৰ খাব লবৰ ভালেমান দিন আছে৷ মনৰ জোখাৰে এজনী ছোৱালী বিয়া কৰাই গৃহবাস কৰিব৷ যি ভাগ্যৱতীক আপুনি বিয়া কৰায় সেই ভাগ্যৱতীকে মোৰ এই অলঙ্কাৰ কেইডাল দিব৷
দেউতা! ইহ জনমলৈ বিদায় ললে৷ পাপিনীৰ সকলো দোষকে সকলো পাপকে মৰ্ষণ কৰিব৷ মোৰ ভনী মনোমতী আৰু বাইটি পমীলাৰ সতীত্ব ঈশ্বৰে ৰক্ষা কৰিছে৷ সন্দেহ নকৰিব৷ ইতি৷
আপোনাৰ পাপিনী
“পদুম”
পদুমীৰ এই চিঠি শুনি শান্তিৰাম মূৰ্চ্ছিত হৈ পৰিল৷ লক্ষ্মীকান্ত আৰু বদনে চকুৰ লো টুকি টুকি শান্তিৰামক সাবট মাৰি ধৰি তেলপানী দি বিচিবলৈ ধৰিলে৷ সমজুৱাসকলেও চকুৰ লো টুকি টুকি কবলৈ ধৰিলে—“ধন্য পদুমী! ধন্য!” বুঢ়া সন্যাসীয়েও চকু চলচলীয়া কৰি “শিবোহং শিবোহং” উচ্চাৰণ কৰিবলৈ ধৰিলে৷ শান্তিৰামে ভালেমান পৰৰ মূৰত চেতন পালে৷ চেতন পাই কান্দিবলৈ ধৰিলে৷ সিফালে ভিতৰত