সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬১
ধীৰে সমীৰে যমুনাতীৰে বসতি বনে বনমালী

তোক নিবলৈ পঠাইছে৷” মই এনেতে সাৰ পালোঁ৷ সাৰ পাই উঠি মোৰ চকুৰে দুধাৰ লো বলে৷ মই আপুনি তাহানি শিকোৱা গীতটো গুণ গুণ কৰি গালোঁ—

“কিয়নো সজ্জিলে বিধি পাপী পানীপিয়া৷
বৃক্ষডালে পৰি কান্দে পানী এটোপ দিয়া॥
ওলালে ডাৱৰ চটা সুনীল আকাশে।
উলাহতে নাচে পক্ষী মনৰ হৰিষে॥
ঠেও ধৰি মাতে পক্ষী “পানী পিউ পিউ“৷
অমিয়া মাধুৰী পিয়া ৰাখোঁ মোৰ জীউ॥
এনেতে আহিলে বায়ু অতি খৰতৰ।
উৰি গলে মেঘচটা পচিম দিশৰ॥
ছিগিল আশাৰ জৰী দুখী বিহঙ্গৰ।
পিয়াহতে মৰে পক্ষী কৰ ধৰফৰ॥”

 দেউতা৷ দৰাচলতে আপোনাৰ বা কেনে হৈছিল কব নোৱাৰোঁ৷ কিন্তু মোৰ হলে ঠিক তেনেকুৱা বিলায়েই হৈছিল৷

 মোৰ এটা শেষ কথা আছে৷ মোৰ মনত আজি এনে লাগিছে যে ময়ো অতি শীঘ্ৰে আই বোপাইৰ লগ পামগৈ৷ আৰু তাত আপোনাৰ শ্ৰীচৰণলৈ বাট চাই থাকিম৷ পিশাচ মানহঁতে পাপিনীৰ পৰাচিতৰ বাট মুকলি কৰিছে৷ কাইলৈ আৰু পাপিনী জীয়াই নেথাকোঁ৷