মোৰ পাপৰ নিমিত্তেই বিহে নাপালোঁ৷ হৰিণাৰ মাংসৰ দৰে মোৰ ৰূপেই মোৰ কাল হ’ল৷ পাপিষ্ঠ মিঙ্গিমাহাই মোক অনেক প্ৰবন্ধ কৰি মৰিবলৈ নিদিলে৷ এইদৰে সকলো পিনে নিৰূপায় হৈ কপালমূৰ ঢাকুৰি জীয়াই থাকি মিঙ্গিমাহাৰ লগত মানৰ দেশ, অসম দেশ গোটেইখনতে ফুৰিলোঁ৷ মানহঁতে অসমীয়া মানুহৰ কি বিলাই কৰিলে মই দেখি ফুৰিলোঁ৷ শেহত মনত এটা ভাব হ’ল যে বিপদ কালত মানুহে সৎকৰ্ম কৰিব লাগে তেহে হেনো পাপ কটা যায়৷ মহাভাৰতত পঢ়িছিলোঁ ঘটোৎকচে হেনো মৰিবৰ সময়তো পাণ্ডবৰ উপকাৰ কৰি গ’ল৷ ইয়াকে ভাবি আৰু যেতিয়াই মোৰ গা চুৱা গ’ল তেতিয়াই মই সেনাপতিয়ে সৈতে ভাল হোৱাহে উচিত ইয়াকে ভাবি মিঙ্গিমাহাক মই মৰম কৰিবলৈ ধৰিলোঁ৷ সিয়ো মোৰ মৰমত বশ হ’ল৷ মই তাক গীত গাই, মদ খুৱাই আদৰ কৰি মোহিত কৰিলোঁ আৰু সেই দৰে মৰম কৰিয়েই তাৰ হতুৱাই মনে মনে যতে পাৰিলোঁ ততে অসমীয়া মতা-মাইকী বন্দী পলুৱাই পলুৱাই দিয়ালোঁ৷ মানহঁতে কিন্তু সেই কথা ভাল নাপাই সকলোবিলাকেই মোক হিংসা কৰিবলৈ ধৰিলে৷ কিন্তু সেনাপতিৰ ভয়ত মোক একো কৰিব নোৱাৰিলে৷ এই দৰে দেশে দেশে ফুৰি মইনবৰিত আপোনাৰ শ্ৰীচৰণ দেখিলোঁ৷ আপোনাক দেখিবৰে পৰা মোৰ হৃদয়ত একুৰা জুই জ্বলিল৷ সেই নিশা ৰাতি সপোন দেখিলোঁ যেন মোৰ আয়ে স্বৰ্গৰ পৰা আহি মোক মাতিছে “বাছা! তই আক থাকিব নেলাগে৷ সোনকালে আহ৷ তোৰ দেউতাৰে মোক
পৃষ্ঠা:Manomati.pdf/২৬৪
অৱয়ব