“আই! আপুনি সন্মতি দিয়ক৷” বদন চৌধাৰীৰ মাকেও বিধৱাক কলে—“আই চাচোন৷ মইনো এতিয়া কি কৰিম৷ তোৰ যেনে বিলাই মোৰো দেখোন তেনেকুৱাই৷ মোৰো স্বামী দেখোন মানৰ হাতত মৰিল৷ এতিয়ানো মই কাক ধৰিম৷ আই তই ইমানবিলাক মানুহৰ কথা নেপেলাবি৷” সমজুৱাসকলে আৰু বদনৰ মাকে এইদৰে হেঁচি ধৰাত বিধৱা নিৰুত্তৰ হ’ল৷ সন্ন্যাসীয়ে ‘মৌনং সম্মতি লক্ষণং’ বুলি আনন্দ কৰিবলৈ ধৰিলে৷ কোমল মনৰ আৰু ক্ষমাশীলা হিন্দু বিধৱাই সন্মতি দিলে৷ এনেতে বদন চৌধাৰীৰ মাকে কলে—“সমজুৱাসকলৰ আগত ময়ো এটা কথা কওঁ৷ বৰুৱাৰ জীয়েক তিলোত্তমাই দুখৰ কালত মোৰ ঘৰতে আছিল৷ এতিয়াও মোৰ ঘৰলৈকে আহিছে৷ ছোৱালীজনীত মোৰ মৰম সোমাইছে৷ মইনো তাইক এতিয়া কলৈ খেদি পঠাম৷ বৰুৱাই যদি অনুমতি কৰে ছোৱালীজনী মোৰ বপা বদনলৈকে ৰাখি থব খোজোঁ। আদেশ কৰিলে তাইক বদনে সৈতেই বিয়া দিওঁ৷” বদনৰ মাকৰ এই কথাত বদনে তললৈ মূৰ কৰিলে৷ অনাথ চৌধাৰীয়ে কলে— “আই! বৰ সুখৰ কথা৷ আমি দুখন বিয়া চাবলৈ পাম৷ ” হলকান্তইও সন্তোষ মনেৰে কলে-“কোনো কথা নাই৷ সমজুৱাসকলে আনন্দ কৰিবলৈ ধৰিলে৷ এনেতে পমীলাই ভিতৰৰ পৰা এখন চিঠি দি পঠালে৷ মেলুৱইসকলে সেই চিঠি মেলি পঢ়িবলৈ ধৰিলে৷ সেই চিঠিতে দেখা আছিল—
পৃষ্ঠা:Manomati.pdf/২৬২
অৱয়ব