পৃষ্ঠা:Manomati.pdf/২৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৫৭
ধীৰে সমীৰে যমুনাতীৰে বসতি বনে বনমালী

সন্ন্যাসীৰ বচন ৰাখক৷ লৰাই ছোৱালীয়ে যোৰ হৈছে৷ বিশেষ দুইকো প্ৰয়ে ভালো পায়৷ এনেস্থলত আপুনি বাধা নিদিব এইটো সৎকাম কৰক৷ আপোনাৰ স্বামীক হলকান্তই মৰাওঁ বুলি মৰোৱা নাই৷ যি হইছে সকলো ঈশ্বৰৰ ইচ্ছাতে আপুনি কোপ এৰক৷ হোৱা ঘৰখন হবলৈ দিয়ক৷ আৰু অঘৰীৰ ঘৰ এখন কৰি দি পুণ্য সাচক৷ সন্ন্যাসীৰ এই কথাৰ মূৰতে হলকান্ত বৰুৱাই মাত দি কলে—’মই অধমেও এষাৰ কথা কওঁ৷ অৱশ্যে মই অতি গৰ্হিত কাম কৰিছোঁ৷ মোৰ মুখ সাধুজনে চাবই নেপায়৷ মই স্বদেশদ্ৰোহী৷ মই নাৰকী৷ মোৰ পৰাচিতৰ সীমাই নাই৷ মই চণ্ডী বৰুৱাৰ লৰা-তিৰুতাক যেনে দুখ দিয়ালোঁ৷ ঈশ্বৰে মোকো তেনে দুখকে দিয়ালে৷ মই পাপিষ্ঠৰ কুকৰ্ম্মতে মোৰ তিৰুতায়ো মোক অকালতে এৰি গ’ল৷ এতিয়া মই মোৰ পৰাচিত স্বৰূপ সংসাৰ ত্যাগ কৰি সন্ন্যাসী হবলৈ ওলালোঁ৷ মোক আৰু লৰাই বা লাগিছে কেলেই, ছোৱালীয়েই বা লাগিছে কেলেই৷ লক্ষ্মীকান্তত মোৰ স্বত্ব নাই৷ তিলোত্তমাত মোৰ অধিকাৰ নাই৷ সিহঁতৰ মাক মৰিল৷ আজিৰ পৰা ময়ো মৰিলোঁ বুলিয়েই ধৰক৷ সেই দেখি এই মাউৰা লৰা-ছোৱালী হালক আপোনাক সপি দিলোঁ৷ আপুনিয়েই সিহঁতৰ মাক হওক৷ মই নাৰকীয়ে দোষ কৰিছোঁ বুলিতো মোৰ এই লৰা-ছোৱালী হালে দোষ কৰা নাই৷ ইহাকে ভাবিচিন্তি যি হয় কৰক৷ হলকান্তৰ এই অনুতাপ বাক্যত সকলোটি সমজুৱায়ে তেওঁৰ কথাত ভৰ দি বিধৱাক কলে—