“শ্ৰীযুত
শান্তিৰাম স্বামী দেউতাৰ শ্ৰীচৰণ কমলেষু—
দেউতা—
আজি পাপিনীয়ে দেউতাৰ শ্ৰীচৰণত কেইটামান শেষ কথা
নিবেদন কৰোঁ৷ বন্দীশালত লগ পাইও দেউতাক সকলো কথা
ভাঙি কব নোৱাৰিলোঁ৷
আপুনি আমাক ৰঙ্গপুৰত এৰি থৈ গুহাহাটীলৈ অহাৰ প্ৰায় ছমাহৰ মূৰত মান আহি ৰঙ্গপুৰ পালে৷ তিনিজনা ডাঙৰীয়াই চাৰিঙ্গীয়া ফুকনক খেদাৰ পাছত আমাৰ দেউতাই মই পাপিনীক আপোনাৰ শ্ৰীচৰণত সপিবলৈ মন কৰি আপোনাক বিচৰালে৷ পাপিনীয়ে সেই কথাত বৰ ৰং পালোঁ৷। অনেক দিনৰ দুখ কষ্টৰ পিছত দেউতাৰ শ্ৰীচৰণ সেকিবলৈ পাম বুলি বৰ আনন্দ লভিলোঁ৷ কিন্তু কলে কি হব ইয়াৰ অলপ পিছত মান আহি ৰংপুৰ পালে৷ বুঢ়াগোঁহাই ডাঙৰীয়াৰ ফৈদৰ লগত আমাৰ দেউতাই মানৰ লগত ৰণ দিলেগৈ৷ কিন্তু সেই ৰাতি দেউতা মৰিল৷ বুঢ়াগোঁহাই ডাঙৰীয়াই বিষ খাই মৰিল৷ মানে নগৰ ললে৷ ৰাক্ষসহঁতে বুঢ়াগোঁহাইৰ ফৈদৰ সকলোকে কাটিলে৷ তাৰ লগতে পাপিনীৰো আই, ভাই, ককাই সকলোকে কাটিলে৷ কেৱল সংসাৰত পাপ বঢ়াবলৈ মই পাপিনীক জীয়াই ৰাখিলে৷ মোক দেখিবলৈ ৰূপহী দেখি অধৰমী মিঙ্গিমাহাই ৰজাক আৰু নাৰকী বৰফুকনক কৈ মোক তাৰ তিৰুতা কৰিলে৷ মই সেই সময়ত এডোখৰ বিহ পোৱা হলেও খাই মৰিলোঁহেতেন, কিন্তু