সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৪
মনোমতী

বাপেৰ কোন? লৰাটোৱে তললৈ মূৰ কৰি কলে—“মোৰ নাম যজ্ঞনাৰায়ণ৷ মই চণ্ডী বৰুৱাৰ পুতেক৷” লৰাটোৰ এই কথা শুনি অনাথ চৌধাৰীয়ে তেওঁক মাতি নি কাষত বহুৱাই মৰম কৰিবলৈ ধৰিলে৷ সন্ন্যাসীয়ে তেওঁৰ কপালৰ ভস্ম এফেৰা লৰাটোৰ কপালত ঘঁহি দি মূৰত ধৰি আশীৰ্ব্বাদ কৰিলে৷ হলকান্ত বৰুৱাই লৰাটোৰ ফালে চাই তললৈ মূৰ কৰি চকুৰ পানী টুকিলে৷ সিফালে ভিতৰতো এখন মহা হুলস্থুল লাগিল৷ মনোমতীয়ে বৰুৱানীৰ গলত ধৰি চণ্ডী বৰুৱাৰ নিমিত্তে কান্দিবলৈ ধৰিলে৷ পমীলাৰো চকুৰে ধাৰাসাৰে লো বলে৷ তেওঁবিলাক তিনিজনক বন্দী দেখি তিলোত্তমা আৰু বদনৰ মাকেও কান্দিবলৈ ধৰিলে৷ এই দৰে কান্দিকাটি উঠি বদনৰ মাকে বৰুৱানীক শান্ত কৰি সুধিলে-—“আই কচোন? তহঁত ইমান দিনে ক’ত আছিলি?” বৰুৱানীয়ে কলে—“মানে আমাৰ হাউলি আক্ৰমণ কৰাৰ নিশা সিহঁত আহি আমাৰ টোল সোমোৱাৰ অলপ আগখিনিতেই আমি নাৱেদি পলালোঁ৷ হাবিৰ মাজে মাজে নাও মৰাই আমি ছদিনৰ মূৰত মানাহত ওলালোঁগৈ৷ আৰু সেই ঘাই মানাহেদি গৈ আমি বিজনী পালোঁ৷ বিজনীত আমাক জমিদাৰৰ মানুহে লগ পাই আমি ক’ৰ পৰা আহিছোঁ, কলৈ যাম এই কথা সুধিলে৷ আমিও সিহঁতৰ আগত আমাৰ সকলোবোৰ বৃত্তান্ত কলোঁ৷ সিহঁতে গৈ আমাৰ বৃত্তান্তবোৰ জমিদাৰত জনালে৷ বিজনীৰ জমিদাৰে তেতিয়া দোলা-পাল্কী পঠাই আমাক নিয়াই তেওঁৰ হাউলিৰ