পৃষ্ঠা:Manomati.pdf/২৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ভিতৰতে বেলেগে এযোৰ ঘৰত ৰাখিলে৷” চৌধাৰিণী—“আই বিজনীৰ জমিদাৰৰ ঘৰে অৰু তহঁতৰে দেখোন আগেয়ে বৰ শতুৰালি আছিল৷ তেওঁনো তহঁতক পুতৌ কৰিলেনে?” বৰুৱানী—“আই! আমাৰ দেশৰ দস্তুৰেই এইটো হবলা-সুখৰ দিনত গোত-জ্ঞাতিয়ে, ওচৰ চুবুৰীয়াই সমনীয়া মানুহক হিংসা কৰে আৰু সেই সমনীয়া মানুহকে আকৌ দুখত পৰিলে মৰমো কৰে৷” চৌধাৰিণী—“হয় আই! তই এইটো যথাৰ্থ কলি৷ এনে কথা আমাৰ গাটো পুৱাইছে৷ তাৰ পিছত তহঁত ইমান দিনলৈকে বিজনীতে আছিলিনে?” বৰুৱানী—“বিজনীতে আমি এই দৰে পোন্ধৰ দিন মান থাকোঁ৷ তাৰ পিছত গৌৰীপুৰৰ জমিদাৰে কাৰবাৰ মুখে আমাৰ দুখৰ বিলাইবিলাক শুনিয়েই হব পায় আমাক নিয়াবলৈ দোলা, পাল্কী, লয়-লস্কৰ দি বিজনীৰ জমিদাৰলৈ চিঠি লিখি পঠায়৷ বিজনীৰ জমিদাৰেও সেই চিঠিতে আমাক গৌৰীপুৰৰ জমিদাৰৰ ভাগী বুলি জানি সেৱা-সৎকাৰ কৰি আৰু কিছু সৰহকৈ ধন-সোণ দি পঠাই দিলে৷ আমি গৌৰীপুৰলৈ গলোঁ৷ তাত আমাক বৰুৱাই মাটি-বৃত্তি, বেটী, বন্দী দি সুখে ৰাখিছে৷ তাতে আজি এই ডেৰমাহ থাকোঁ৷ তাৰ পিছত মোৰ স্বদেশলৈ আহিবলৈ বৰ ইচ্ছা হ’ল৷ জমিদাবক কোৱালোঁ৷ ৷ তেওঁ এই মানুহ-দুনুহ দি পঠাইছে৷ আহিবৰ পৰত আমাক আকৌ তেওঁৰ ৰাজ্যলৈকে উলটি যাবলৈ বৰকৈ কৈ পঠাইছে৷ এতিয়া মানহঁত গ’ল৷ দেশ সুস্থিৰ হ’ল৷ তাকে আই মোৰ এই ধৰ্মীয়া জীজনীক লৈ যাবলৈ আহিছোঁ৷“