পৃষ্ঠা:Manomati.pdf/২৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ধীৰে সমীৰে যমুনাতীৰে বসতি বনে বনমালী। ২৫৩ হাবিয়ে গৈ থাকোঁতে থাকোতে বেলি মাৰ গ'ল। ৰাতি হোৱা দেখি মই সেই ঘোৰ অৰণ্যত অকলে পৰি । বিবুদ্ধি হলোঁ। মোৰ জীৱনৰ আশা নোহোৱা ’ল। মই শেষত একো উপায় নেপাই মৰণকে সাৰোগত কৰি সেই হাবিৰ মাজতে পৰি ৰলে। কিন্তু আচৰিত কথা সেই অগাইধ অৰণ্যৰ ভিতৰতে । মোৰ একো নহল। পিছ দিনা ৰাতিপুৱা মই অাকৌ হাবিৰ মাজে মাজে যাবলৈ ধৰিলে। ওৰে ৰাতিপুৱাৰ বেলাটো ঘূৰি ঘূৰি অৱশেহত বেলা স্থপৰীয়া হাবিৰ মাজত এডাল শিমলু গছৰ তলত বাবাজীক দেখিলোঁ। বাবাজীয়ে মোক মৰম কৰি সেই দিনাৰে পৰা তেওঁৰ চেলা কৰি লৈছে। এইয়ে মোৰ কাহিনী। হলকান্ত বৰুৱাৰ এই কথাত গোটেইবিলাক মামুহেই তথ৷ খালে। তাৰ পিছত বদনে সন্যাসীক আনি ধপাত দিলে সকলোবিলাকেই মানৰ কথাবিলাক উলিয়াই ভ্ৰথশোক কৰিবলৈ ধৰিলে ; এনেতে ভিতৰৰ পৰা এজনী বেটী ছোৱালী লৰি আহি বদল চৌধাৰীক কলে—“দেউতা ! ভিতৰুৱা বাটেদি মানুহে ঘনুহে সৈতে দোলাৰে এজনা মাইকী মানুহ আহিছে। তেওঁৰ লগতে এটা লৰাও ।” বেটী ছোৱালীজনীৰ এই কথা শুনি বদন চৌধাৰীয়ে সেই মাইকী মানুহজনাক ভিতৰলৈ নিয়াবলৈ কলে আৰু লৰাটোক চৰা ঘৰলৈ মতাই আনিলে । সেই লৰাটো চৰ৷ ঘৰ আহি পোৱাত এটাইবিলাকেই সেই লৰাটোৰ ফালে চাবলৈ ধৰিলে। অৱশেহত অনাথ চৌধাৰীয়ে লৰাটোক স্থধিলে—“বাছা! তই থাক ক’ত ? তোৰ নাম কি? তোৰ,