পৃষ্ঠা:Manomati.pdf/২৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৪৯
দুখৰ শেষে

 এই অৱস্থাতে দুইও বীৰে এদিন দুপৰীয়া শুই আছে৷ বদনৰ মাকে আৰু পমীলাই বদনক শুশ্ৰুষা কৰিছিল৷ মনোমতী আৰু তিলোত্তমাই লক্ষ্মীকান্তক শুশ্ৰূষা কৰিছিল৷ সেই সময়তে লক্ষ্মীকান্তই কিবা এটা সপোন দেখিয়েই হবলা টোপনিতে বকিলে—“মানহঁতেনো মনোমতীক ভালে ৰাখিছেনে?” মনোমতীয়ে লক্ষ্মীকান্তৰ এই প্ৰলাপ নিজ কাণে শুনি তেতিয়াই চকু চলচলীয়া কৰিলে৷ তিলোত্তমাই মনোমতীৰ ভাব বুজি তললৈ মূৰ কৰিলে৷ এনেতে লক্ষ্মীকান্তই সাৰ পাই উঠি “মনোমতী” বুলি মাতিলে৷ তেওঁ সাৰপোৱা দেখি মনোমতী লৰালৰিকৈ উঠি গ’ল৷ আৰু শোৱা খোটালিত সোমাই বিছনাত পৰি উচুপি উচুপি কান্দিবলৈ ধৰিলে৷ ইফালে পমীলাইও বদন চৌধাৰীৰ ওচৰৰ পৰা কিবা এটা সকামত উঠি ভিতৰলৈ আহিল আৰু পমীলাই মনোমতীৰ শোৱা খোটালিত সোমাই দেখিলে মনোমতীয়ে উচুপি উচুপি কান্দিব লাগিছে৷ পমীলাই মনোমতীক সাবট মাৰি ধৰি সুধিলে—‘সখি! সখি! তুমি আজি কান্দিছা কেলেই? ” মনোমতীয়ে কলে—“সখি! মোৰ আজি সাতো ভাৰস্তৰ কথা মনত পৰিছে৷ মোৰনো আই দেউতা কলৈ গ’ল? মোৰনো আশ্ৰয়দাতা বৰুৱা-বৰুৱানীৰ কি হ’ল? আমাৰনো সুখৰ ঘৰবাৰী কলৈ গ’ল? ঈশ্বৰে নো মোক জীয়াই ৰাখিলে কেলেই?” পমীলা—”সখি৷ ছিঃ! তুমি কেলেই আকৌ সেইবিলাক কথাকে মনত কৰিছা? আমাৰ বৰুৱানী তেওঁৰ পুতেকে সৈতে যেনে তেনে ক’ৰবাত আছে৷ ”