পৃষ্ঠা:Manomati.pdf/২৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২৫০ মনোমতী মনোমতী—“সখি। ঈশ্বৰে মোৰ কপালত সুখ . লেখা নাই হবলা!” পমীলা-“তোমাৰ কপালতনো মুখ লেখা নাই বুলি কেনেকৈ জানিলা ?” মনোমতী—‘জানিবৰ । কাৰণ আছে ।”—-পমীলা “ডেকা বৰুৱাই তোমাক কিবা কলেনে কি ?” মনোমতী—“স্খি। তেওঁ মোৰ চৰিত্ৰত সন্দেহ কৰে। মোৰনো তেন্তে আৰু জীয়াই থকাৰ সকাম কি ?” পমীলা —”সখি! তোমাৰ এইটোহে ছথনে ? তুমি এই অলপ কথাতেই নিৰাশ হৈছানে ? নিৰাশ নহবা। ৰোগ চাই ঔষধ আছে। চুঙা চাই শোপ আছে। ডেকা বৰুৱাৰ মনৰ ভ্ৰম গুচাব পৰা ঔষধ এপালিও মোৰ হাতত আছেতুমি চিন্ত৷ নকৰিব৷ ” পমীলাৰ এই কথাত মনোমতী শাস্ত হ’ল । তেওঁৰ মুখত আকৌ হাহিয়ে দেখা দিলে। মনোমতীয়ে পমীলাক টানি নি ডিঙিত সাবট মাৰি ধৰি চুমা এটা খাই কলে—“সথি । বাৰু ঈশ্বৰে যদি কৰে তোমাকো এদিন সোৱৰাম।”