প্ৰথমতে তেওঁবিলাক দুইও মৰা যেন অনুমান হ’ল। অনাথ চৌধাৰীয়ে কান্দিবলৈ ধৰিলে; কিন্তু সুচতুৰ শান্তিৰামে দুইওটাকে লাৰিচাৰি দেখিলে যে তেওঁবিলাকৰ কাৰো গলত ঘা লগা নাই। নাকত হাত দি চাই দেখিলে যে দুইৰো অলপ অলপ নিশাই বই আছে। তেতিয়াই শান্তিৰাম ভকতে অনাথ চৌধাৰীক নিজৰ মনৰ ভাব কৈ চাৰি পাঁচ জনমান মানুহ মাতি আনি ধৰাধৰি কৰি দুইও বীৰকে ঘৰলৈ লোৱালে। তাত নি দুইকো দুখন খাটত শুৱাই কান্ধৰ ঘা পানীৰে ধুৱাই তাত অলপ ঔষধ দি ঘা দুডোখৰ বান্ধিলে। তাৰ পিছত দুকুৰা জুই আনি দুইওজনকে সেকিলে। এই দৰে ওৰে নিশা দুইকো সেৱা-শুশ্ৰষা কৰাত ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে হওঁতে দুইও বীৰে গাত তত পালে। চকু মেলি দুইও ভোক লাগিছে বুলি কলে। তেতিয়াই বদনৰ মাকে আৰু গাভৰু তিনিজনাই লগ লাগি এফেৰা মন্দ পগাই খুৱালে। এই দৰে পতিপাল কৰাত তাৰ পিছ দিনা দুইও মাত কথা দিব পৰা হ’ল। কিন্তু তেতিয়াও দুইও সম্পূৰ্ণ আৰোগ্য নোহোৱাত আকে ছয়-সাত দিনলৈ শয্যাতে পৰি থাকিল।
এই ছয় সাত দিনে শান্তিৰাম ভকত, অনাথ চৌধাৰী, পমীলা, মনোমতী, তিলোত্তমা সকলোৱে দুইও বীৰকে পতিপাল কবিবলৈ বাকী নেৰিলে। ভাল ভাল ঔষধৰ বলত দুইৰো ঘা শুকনিমুৱা ধৰিলে। কিন্তু তেওঁবিলাকৰ গাৰ পৰা ভালেমান তেজ যোৱাত তেওঁবিলাক বহুদিনলৈকে দুৰ্ব্বল হৈ থাকিল।