চতুৰ্বিংশ অধ্যায়
দুখৰ শেষে
ৰিচাৰ্ডচন্ চাহাবে মানক বৰপেটাৰ পৰা খেদি সেই নিশাৰ নিমিত্তে বৰপেটাৰ মেটুয়াকুচি পথাৰত বাহৰ কৰিলে৷ মান পলাই যোৱা শুনি বৰপেটাৰ মানুহবিলাক হাবি বননিৰ পৰা ওলাই আহিল৷ গোটেইবিলাক মানুহে যেতিয়া আকৌ বৰপেটা চাপিলহি তেতিয়া গোটেইখন বৰপেটাতে কান্দোনৰ ৰোল উঠিল৷ জীয়াই থকা মানুহবিলাকে মৰা মানুহবিলাকৰ নিমিত্তে আৰাৱ কৰিবলৈ ধৰিলে—“বোপাই কলৈ গলি ঔ? ককাই কলৈ গলি ঔ?” সিহঁতৰ বিননিত গছৰ পাতবিলাকেও যেন বিনাবলৈ ধৰিলে৷ মৰা মানুহৰ আত্মীয়-কুটুম্ববিলাকে তেওঁবিলাকৰ মৰা আত্মীয়-কুটুম্ববিলাকৰ শৱবিলাক বিচাৰি বিচাৰি নি নৈৰ পাৰত সৎকাৰ কৰিবলৈ ধৰিলে৷ ঘৰ- দুৱাৰবিলাক পুৰি যোৱাত লৰাতিৰুতাবিলাকে কান্দি কান্দি আলিয়ে পদুলিয়ে পৰি ৰ’ল৷
বদন চৌধাৰীৰ ঘৰ বৰপেটা সত্ৰৰ অলপ বাহিৰত থকাৰ নিমিত্তে জুইত পোৰা নগল৷ মান যোৱাৰ পিছতে অনাথ চৌধাৰী শান্তিৰাম ভকত এওঁবিলাক দুইও লক্ষ্মীকান্ত আক বদনৰ শৱ দুটা বিচাৰিবলৈ ধৰিলে৷ ভালেখিনি পৰ বিচাৰি বিচাৰি তেওঁবিলাক দুয়ো দুয়োজন বীৰৰে দেহ দুটা পালে৷