ঘৰৰ ফাললৈ আহিল৷ মানক অহা দেখি বদন আৰু লক্ষ্মীকান্ত দুইও নৈৰাশ মনেৰেও, মৰণত শৰণ দি সেই চাৰি পাঁচশ ডেকা লৈ মানৰ সমুখ হ’ল৷ মানে অসমীয়াৰ কম যুঁজাৰু দেখি কিৰিলি মাৰি বদন আৰু লক্ষ্মীকান্তৰ যুঁজাৰুবিলাকক ধৰিলে৷ দুয়ো দলেই অলপ পৰ ঘপিওৱা-ঘপি আৰু হতাহতি ৰণ কৰিলে৷ অসমীয়া হাৰিল৷ মানৰ দাৰ কোবত বদন আৰু লক্ষ্মীকান্ত দুইও অৱশ হৈ পৰিল৷ কিন্তু দুয়োজনৰে গলত ঘা নপৰি বাহুত ঘা লগাৰ বাবে জীৱন নগল৷ মানহঁতে অসমীয়া যুঁজাৰুবিলাকক ঘটুৱাই কাটিছিঙি নাশ কৰি কীৰ্ত্তন ঘৰলৈ লৰি আহিল আৰু গড়ৰ কেউটা দুৱাৰ মুখ ঘেৰি লৈ এজাক মান গড়ৰ ভিতৰত সোমাই কীৰ্ত্তন ঘৰত জুই লগাই দিলে৷ বৰ বৰ মেলুৱই সকলক আৰুলৰা তিৰুতাকো কাটি কাটি সেই জুইত জাপি জাপি দিলে৷ চাই থাকোঁতে থাকোঁতে কীৰ্ত্তন ঘৰৰ জুইয়ে বৰপেটাৰ গোটেই খনতে ব্যাপি পৰিল৷ মানহঁতে বৰপেটীয়া মানুহ যাকে যতে পালে তাকে ততে কাটিলে৷ মানৰ হাতত কলীয়া ঠাকুৰৰ মাহাত্ম্যত বৰপেটাবাসী সকলে ইহ জনমৰ যাতনাৰ পৰা মুক্তি পালে৷ আগৰ অধ্যায়ত মেলুৱইসকলে কলীয়া ঠাকুৰৰ মাহাত্ম্যৰ বিষয়ে কোৱা কথা ফাকি এইৰূপেই সঁচা হ’ল৷
মানে এইদৰে প্ৰায় এবেলা বৰপেটা উপান্ত কৰিলে৷ এনেতে ভাটি বেলীয়া ৰিচাৰ্ডচন্ চাহাব আহি পালে৷ ৰিচাৰ্ডচন্ চাহাব অহা শুনি মানে বৰপেটা এৰি চিৰিলি বিৰিলি হৈ আকে আগে আগে পলাল৷