কিন্তু কেৱল ঈশ্বৰৰ দোহাই দি হাত সাবটি বহি থাকিলে কৰ্ম্ম নিসিজে৷ আমাৰ বৰপেটাৰ ঘোৰ বিপদৰ সময় উপস্থিত হৈছে৷ হেজাৰ হেজাৰ মানে হাতত মুকলি তৰোৱাল লৈ বৰপেটাৰ ফালে আহিব লাগিছে৷ সিহঁত আহি পালেই আমাৰ বিলই-বিপত্তিৰ ঠাই নোহোৱা হব৷ আমাৰ লৰা-তিৰুতাক মানে নানান দুৰ্গতি কৰিব৷ সেই দেখি আপোনাসকলক জনাওঁ যাতে এই মানৰ হাতৰ পৰা তেওঁবিলাকক ৰক্ষা পৰিব পাৰি আমাৰ তাকে কৰা যুগুত৷ মোৰ বিবেচনাৰে হলে মৰিব লাগিলে আমাৰ মানৰ লগত যু’জি মৰাই ভাল৷ আপোনালোকৰ খেলে প্ৰতি আমাক এশ দুশ কৰি ডেকা দিয়ক৷ আমি সেই ডেকাবিলাকক লৈ মানক গণককুচিতে আগভেটি ধৰোঁঁগৈ৷”
বীৰ আৰু প্ৰকৃত দেশহিতৈষী বদনৰ কথাত বুঢ়া আৰু মেলুৱইসকলৰ গাৰ লোমেই নমৰিল৷ মেলুৱইহঁতে কলে—“ৰাম! ৰাম! মানৰ লগত যুঁজিব নোৱাৰি৷ আমাৰ কলীয়া ঠাকুৰৰ মাহাত্ম্য আছে যদি আমাক তেওঁ মানৰূপী সমুদ্ৰৰ পৰা উদ্ধাৰ কৰিব৷” এই বুলি বুঢ়া বুঢ়া কীৰ্ত্তন ঘৰৰ ডাঙৰ ডাঙৰ ভাগখাওঁতা মেলুৱই সকল ঘৰাঘৰি গ’ল৷ কিম্ভ বদন আৰু লক্ষ্মীকান্তই তেওঁবিলাক যোৱাৰ পিছতো বৰপেটীয়া ডেকাবিলাকক উত্তেজিত কৰিবলৈ ধৰিলে৷ বদনৰ কথাত উত্তেজিত হৈ প্ৰায় দুশ তিনিশ ডেকা বদন আৰু লক্ষ্মীকান্তৰ লগ লাগিল৷
১৬