পৃষ্ঠা:Manomati.pdf/২৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ত্ৰয়োদশ অধ্যায়
“উলটা বুঝিলি ৰাম৷”

 পাঠক৷ আমি আমাৰ কাহিনীৰ মাজতে এটা কথা কবলৈ ওলালোঁ৷ তাহানিখন হেনো এজন সন্ন্যাসীয়ে বাটে দি গৈ থাকোঁতে খোজ কঢ়াত ভাগৰ লাগি ভাবিলে ডাঙৰ ডাঙৰ মানুহবিলাকে ঘোঁৰাৰে ফুৰে৷ তেওঁবিলাকে সেই ঘোঁৰাৰ ওপৰত উঠি ফুৰাৰ নিমিত্তে ভৰিত আৰু গাত দুখ নাপায়৷ ঘোঁৰাত উঠি ফুৰাটো বৰ সুখ৷ কিন্তু সেই ঘোঁৰা আৰু ধন, জন, ঐশ্বৰ্যা, বিভূতি হেনো ৰামৰূপী ভগৱন্তইহে দিয়ে৷ এই ভাবি সন্ন্যাসীয়ে বাটে বাটে ৰামক তুতি কৰিবলৈ ধৰিলে— “ৰাম! এক্ঠু ঘোঁৰা দেলায় দে ৰাম! ৰাম! ৷ একঠু ঘোঁৰা দেলায় দে ৰাম”! এই দৰে সন্ন্যাসীয়ে তুতি কৰি কৰি গৈ থাকোঁতে থাকোঁতে দেখিলে এটা মৰা ঘোঁৰা বাটতে পৰি আছে আৰু সেই ঘোঁৰাটোক বাটৰ পৰা টানি নি আঁতৰত পেলাবৰ কাৰণে তিনিটা মানুহে দুডাল বাঁহেৰে দুই মূৰে সাঙি বান্ধি ৰৈ আছে৷ পেলাব নোৱাৰে, কেৱল এটা মানুহৰ অভাৱত৷ এনেতে সন্ন্যাসী গৈ ওচৰ পালে৷ সন্ন্যাসী গৈ পোৱা মাত্ৰেই মানুহ তিনিটাই সোধ-পোচ নকৰা কৰি সন্ন্যাসীক টানি নি সাঙি বাৰিৰ এমূৰে ধৰিবলৈ দিলে৷ সন্ন্যাসীয়েও অগত্যা এৰাব নোৱাৰি সিহঁত তিনিটাৰ লগতে মৰা ঘোঁৰাটো সাঙি কৰি নি