পৃষ্ঠা:Manomati.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাৰিলে তাতে মেলুৱই সকলক উত্তেজিত কৰি আৰু কেতখিনি মানুহ গোটাবলৈ অভিপ্ৰায় কৰি বৰপেটাৰ কীৰ্ত্তন ঘৰৰ মেললৈ বাট চাই ৰ’ল৷

 বেলি ভাটী দিলে৷ বৰপেটাৰ কীৰ্ত্তন ঘৰলৈ গাৱঁৰ মুখিয়াল মেলুৱইবিলাক গ’ল৷ উৎসৱ হোৱা যেন দেখি গাৱঁৰ সক সৰু লৰা-ছোৱালীবিলাকো কীৰ্ত্তন ঘৰলৈ লৰ ধৰিলে৷ গোটেইবিলাক মেলুৱয়েই গৈ ঢাৰি-কঠ পাৰি ৺মাধৱদেৱৰ মঠৰ আগত বহিল৷

 এই দৰে মেলুৱই সকলে যাৰ যি আসন তাত বহা হ’লত সত্ৰীয়াই ৰাইজৰ আগত কমল আতৈয়ে দেখা সপোনৰ কথা কলে; আৰু এনে সপোন যে বেয়া এই কথাটো বুজাই তাৰ কি প্ৰতিকাৰ কৰা উচিত সুধিলে৷ কমল আতৈৰ সপোনৰ কথা শুনি অনেক মেলুৱয়ে হাঁহি উৰুৱালে৷ কেৱে কেৱে মুখখন অলপ গম্ভীৰ কৰিলে; কেৱে কেৱে নিজকে পণ্ডিত দেখুৱাই দীঘল দীঘলকৈ স্বপ্ন আধ্যা ব্যাখ্যা কৰিলে৷ সপোনৰ কথা আলচ কৰোঁতেই দলাদলিৰ মেলো আহি ওলাল৷ কথায়-বতৰায় বাক্-বিতণ্ডায় সাজ গঢ়ি গ’ল৷ তেতিয়া মেলুৱই সকলে অলপ গাত গম পোৱাদি পাই বৰসবাহ কৰাই যুগুত বুলি ঘৰাঘৰি যাবলৈ ওলাল৷ এনেতে বদন চৌধাৰীয়ে থিয় হৈ ৰাইজৰ আগত কলে—“বাপ সকল! আপোনালোকক এটি কথা নিৱেদন কৰোঁ। অৱশ্যে হৰিৰ নামে সকলো বিঘিনি নাশ কৰে৷ বৰসবাহ কৰাটো যে সজ কাম তাক আমি নহয় নোবোলোঁ৷